ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 12, 2021, 2:56 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

ৰাজ্যত 10 আগষ্টৰ পৰা 10 নৱেম্বৰলৈ ক’ভিড(Covid)ত আক্ৰান্ত হৈ 631 গৰাকী লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা এইসকল লোকৰ ভিতৰত 451 গৰাকীয়েই গ্ৰহণ কৰা নাছিল ক’ভিড ভেকচিন(Covid Vaccine) । আনহাতে 180 গৰাকীয়ে ক’ভিড ভেকচিন লোৱাৰ পাচতো ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিবলগীয়া হৈছে । জি এম চি এইচ(GMCH)ত বিগত তিনি মাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 322 গৰাকী লোকৰ । ইয়াৰে 227 গৰাকী লোকেই ভেকচিন লোৱা নাছিল ।

অইলৰ ৰাসায়নিক দ্ৰব্যই বিনষ্ট কৰিছে খেতিপথাৰ; ক্ষুব্ধ জাগুনবাসী

দুলীয়াজানৰ 2 নং জাগুনত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি । অইল ইণ্ডিয়া লিমিটেড(OIL)ৰ তৈলখাদৰ বৰ্জিত বিষাক্ত ৰাসায়নিক দ্ৰব্য(Chemical) সংমিশ্ৰণ তেল ধাননি পথাৰত বিয়পি পথাৰত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়া তথা কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ দোহাই দি ৰাইজৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ ।

এইবাৰ নাঙল এৰি চাফাই কৰ্মীৰ ৰূপত বিধায়ক অখিল গগৈ

এমাহজোৰা চাফাই অভিযানেৰে হাতত ঝাড়ু লৈ চাফাই কামত ব্যস্ত বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) । শিৱসাগৰ নগৰখনক এক আদৰ্শ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ শীৰ্ষক অভিযান আৰম্ভ বিধায়কগৰাকীৰ ৷

আমগুৰিৰ বিদ্যালয়ত ক’ভিডৰ ত্ৰাস

আমগুৰিৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত ক'ভিড-19 (Covid 19)ৰ সংক্ৰমণ ৷ বিদ্যালয়দুখনত দুজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীৰ শৰীৰত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ৷

ডিগবৈত নিষিদ্ধ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক

বৰ্তমান ৰাজ্যৰ জিলাই জিলাই অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । তথাপিও ভয় নাই ড্ৰাগছ সৰবৰাহকাৰীৰ । প্ৰতিদিনে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা চলিয়েই আছে । বৃহস্পতিবাৰে ডিগবৈত আৰক্ষীৰ জালত পৰিল ২ ড্ৰাগছ সৰবৰাহকাৰী । আৰক্ষীৰ অভিযানত জব্দ হ'ল বুজন পৰিমাণৰ ড্ৰাগছ ।

পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত BSFৰ গুলিত নিহত দুই বাংলাদেশী সৰৱৰাহকাৰী

শুকুৰবাৰে পশ্চিং বংগৰ ভাৰত-বাংলা সীমান্ত (Indo-Bangla Border)ৰ নিৰীক্ষণৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনীৰ (Border Security Force) গুলিত নিহত হয় দুজন বাংলাদেশী সৰৱৰাহকাৰী ৷ দুয়োগৰাকীয়ে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰি গুৰু মূৰ সৰৱৰাহৰ কৰাৰ প্ৰয়াস কৰিছিল বুলি জানিব পৰা গৈছে ৷

মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধীবাৰী 2 য় খণ্ডত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মোমায়েকক ভাগিনীয়েকে হানি-খুচি হত্যাৰ চেষ্টা(Attempt to Murder) কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

উত্তৰ প্ৰদেশত পুনৰ দুজনৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছ (Zika Virus)ৰ অৱস্থিতি

উত্তৰ প্ৰদেশত জিকা ভাইৰাছ (Zika Virus)ৰ সংক্ৰমণ অব্যাহত আছে ৷ জিকা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ তৃতীয়খন জিলা হিচাপে পৰিগণিত হৈছে ৷

ডম্বুৰ হ্ৰদৰ সমীপত হেলিপেড মুকলি কৰি আনন্দিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ত্ৰিপুৰালৈ যাব বিচৰা পৰ্যটকৰ বাবে সুখবৰ । ৰাজ্যখনৰ অন্যতম পৰ্যটনস্থলী ডম্বুৰ হ্ৰদৰ সমীপত মুকলি কৰা হ'ল হেলিপেড । বাকী ৮ টা পৰ্যটনস্থলীটো হেলিপেড নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ত্ৰিপুৰা চৰকাৰে ।

শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

ভাৰতীয় OTT প্লেটফৰ্মত প্ৰৱেশ কৰাৰ উদ্দেশ্যেৰে যশৰাজ ফিল্মছ(Yash Raj Films)ৰ বেনাৰত আৰম্ভ হ'ব এটা নতুন ব্যৱসায়িক উদ্যোগ । ইয়াৰ বাবে ৫০০ কোটি টকা বিনিয়োগ কৰিব আদিত্য চোপ্ৰা(Aditya Chopra)ই । ইতিমধ্যে ২০২১-২০২২ বৰ্ষৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ১,২০০ কোটি টকা বিনিয়োগ কৰাৰ পাচত এতিয়া ভাৰতৰ সৰ্ববৃহৎ প্ৰডাকছন হাউচ যশৰাজ ফিল্মছে OTT প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ সাজু হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.