ETV Bharat / state

এইবাৰ নাঙল এৰি চাফাই কৰ্মীৰ ৰূপত বিধায়ক অখিল গগৈ

author img

By

Published : Nov 12, 2021, 1:47 PM IST

এমাহজোৰা চাফাই অভিযানেৰে হাতত ঝাড়ু লৈ চাফাই কামত ব্যস্ত বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) । শিৱসাগৰ নগৰখনক এক আদৰ্শ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ শীৰ্ষক অভিযান আৰম্ভ বিধায়কগৰাকীৰ ৷

safai-abhiyan-for-one-month-by-mla-akhil-gogoi
বিধায়ক অখিল গগৈৰ চাফাই অভিযান

শিৱসাগৰ, 12 নৱেম্বৰ : হাতত ঝাড়ু লৈ শিৱসাগৰ নগৰৰ ৰাজপথত বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) । শুকুৰবাৰৰ পৰা এমাহৰ বাবে হাতত ঝাড়ু লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আৰম্ভ কৰিছে চাফাই অভিযান(Safai Abhiyan) ।

শিৱসাগৰ নগৰখনক এক আদৰ্শ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে নগৰত ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ অভিযান আৰম্ভ কৰিছে বিধায়কগৰাকীয়ে ৷ শিৱসাগৰ সমষ্টি(Sivasagar Constituency)ৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এই অভিযান পৰৱৰ্তী এমাহ পৰ্যন্ত চলিব বুলি তেওঁ জানিবলৈ দিয়ে ।

বিধায়ক অখিল গগৈৰ চাফাই অভিযান

শিৱসাগৰ নগৰৰ যমুনা পাৰৰ 12 নং ৱাৰ্ডৰ পৰা অভিযানৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে । অভিযানৰ কালচোৱাত নগৰখনৰ নলা-নৰ্দমা, বাট-পথসমূহ চাফ-চিকুণ কৰি এক পৰিচ্ছন্ন পৰিৱেশ গঢ়ি তোলা হ’ব ৷ শিৱসাগৰ পৌৰসভাৰ সহযোগত আৰম্ভ কৰা এই অভিযানত বিধায়ক অখিল গগৈয়ে নিজেই অংশগ্ৰহণ কৰে আৰু শিৱসাগৰক পৰিচ্ছন্ন নগৰ কৰাৰ দৃঢ় সংকল্পৰ কথা প্ৰকাশ কৰে ।

শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ দীৰ্ঘম্যাদী আঁচনিৰ অংশৰূপে এই চাফাই অভিযান চলোৱা বুলি সাংবাদিকৰ আগত সদৰী কৰে বিধায়কগৰাকীয়ে ৷ লগতে তেওঁ নগৰখনৰ সকলো স্তৰৰ ৰাইজক এই অভিযানত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : মছজিদ সন্দৰ্ভত সুব্ৰমণিয়াম স্বামীৰ বিতৰ্কিত মন্তব্য : ৰায় সংৰক্ষিত ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.