ETV Bharat / state

মছজিদ সন্দৰ্ভত সুব্ৰমণিয়াম স্বামীৰ বিতৰ্কিত মন্তব্য : ৰায় সংৰক্ষিত ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

author img

By

Published : Nov 12, 2021, 10:41 AM IST

বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ড০ সুব্ৰমণিয়াম স্বামীৰ বিৰুদ্ধে ৰুজু হোৱা এটা পুৰণি গোচৰৰ ৰায় সংৰক্ষিত ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । শুনানিৰ বাবে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী । অসমৰ এখন শিক্ষানুষ্ঠানত আয়োজিত এক অনুষ্ঠানত "ঘৃণামূলক ভাষণ" আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈছে সুব্ৰমণিয়াম স্বামীৰ বিৰুদ্ধে ।

Gauhati HC reserves verdict in hate speech case against Subramanian Swamy
গুৱাহাটী উচ্চ ন্যায়ালয়ত সুব্ৰমণিয়াম স্বামী

গুৱাহাটী, ১২ নৱেম্বৰ : বৃহস্পতিবাৰে এক পুৰণি গোচৰৰ শুনানিৰ বাবে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ড০ সুব্ৰমণিয়াম স্বামী । গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ ৰায় সংৰক্ষিত ৰাখে । ২০১৫ চনৰ মাৰ্চ মাহত অসমৰ এখন শিক্ষানুষ্ঠানত আয়োজিত অনুষ্ঠানত মছজিদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে ।

কৰিমগঞ্জৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল এগৰাকী অধিবক্তাই । কিন্তু এই গোচৰ সংক্ৰান্তত চমন জাৰি কৰাৰ পাচতো আদালতত হাজিৰ হোৱা নাছিল সুব্ৰমণিয়াম স্বামী । পিছত আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আৰু তেতিয়া সুব্ৰমণিয়াম স্বামী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে ।

উল্লেখ্য যে, ড০ স্বামীয়ে কৈছিল যে, মছজিদ আৰু গীৰ্জাবোৰ কেৱল একো একোটা সাধাৰণ গৃহহে আৰু এনে গৃহ ভাঙি পেলাব পাৰি ।

তেওঁ এই মন্তব্য কৰাৰ পাছতে এগৰাকী অধিবক্তাই অভিযোগ উত্থাপন কৰে । স্বামীৰ অধিবক্তা সত্য সভৰৱালে কয় যে, গোচৰটো বৃহস্পতিবাৰে চূড়ান্ত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল আৰু দুয়োপক্ষই যুক্তি আগবঢ়াইছিল । দুয়োপক্ষৰ যুক্তি শুনাৰ পাচত ন্যায়াধীশ মনীষ চৌধুৰীয়ে ৰায় সংৰক্ষিত ৰাখে ।

লগতে পঢ়ক:নলবাৰীৰ জিলা শ্ৰম বিষয়াৰ কাৰ্য্যলয়ত সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ সজাঁতি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.