ETV Bharat / city

নলবাৰীৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ সজাঁতি দল

author img

By

Published : Nov 12, 2021, 8:31 AM IST

Updated : Nov 12, 2021, 9:48 AM IST

নলবাৰীৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে উপস্থিত হয় সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ এটা সজাঁতি দল ৷ শ্ৰমিকসকলক PF অথবা ESIৰ সুবিধা প্ৰদানৰ দাবী সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়ন ৷

a-group-of-all-assam-automobile-labour-union-arrived-at-the-district-labour-officers-office-in-nalbari
নলবাৰীৰ জিলা শ্ৰম বিষয়াৰ কাৰ্য্যলয়ত উপস্থিত সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ এটি সজাতি দল

নলবাৰী , 12 নৱেম্বৰ : নলবাৰী জিলাৰ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠান, শ্বপিং মল, গাড়ী ডিলাৰ আদিত বহুতো শ্ৰমিকে কাম কৰি আছে ৷ কিন্তু সেই সকলৰ অধিকাংশৰে নাই PF অথবা ESI ৰ সুবিধা । সেয়েহে বৃহস্পতিবাৰে উক্ত বিষয়টো সন্দৰ্ভত এক সঠিক ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে জিলা শ্ৰম বিষয়া কবিতা বৰ্মনৰ কাৰ্যালয়ত উপস্থিত হয় সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ (All Assam Automobile Labour's Union) এটি সজাঁতি দল।

উল্লেখ্য যে, মালিক পক্ষই বহুক্ষেত্ৰত শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্ত আদায়ৰ ক্ষেত্ৰত যথেষ্ট বেমেজালিৰ সৃষ্টি কৰি আহিছে ৷ আনকি ক'ভিডৰ অজুহাত লৈ বিভিন্নজনক কামৰ পৰা অব্যাহতি প্ৰদান কৰিছে ৷ যাৰ বাবে বহু অসমীয়া যুৱক-যুৱতীয়ে কৰ্মসংস্থান হেৰুৱাবলগীয়া হৈছে ৷ লগতে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে শ্ৰমিকসকল ৷ ফলত জাঙুৰ খাই উঠিছে শ্ৰমিক ইউনিয়নৰ দলটি ৷

a-group-of-all-assam-automobile-labour-union-arrived-at-the-district-labour-officers-office-in-nalbari
নলবাৰীৰ জিলা শ্ৰম বিষয়াৰ কাৰ্য্যলয়ত উপস্থিত সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ এটি সজাতি দল

শ্ৰমিক ইউনিয়নৰ সভাপতি প্ৰণৱ গগৈয়ে কয় যে ব্যক্তিগত প্ৰতিষ্ঠান, শ্বপিং মল,গাড়ী ডিলাৰ আদিত বিভিন্নক্ষেত্ৰত অসমীয়া যুৱক-যুৱতী শোষণৰ বলি হৈছে ৷ এনেবোৰ প্ৰতিষ্ঠানে অসমীয়া যুৱক-যুৱতীক গোলামৰ দৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তোলে সভাপতি গগৈয়ে ৷

সদৌ অসম অসম অটোম'বাইল শ্ৰমিক ইউনিয়ন (All Assam Automobile Labour's Union)ৰ সভাপতি প্ৰণৱ গগৈৰ নেতৃত্বত 8 জনীয়া এই সজাঁতি দলটোক সংগ দিয়ে ৰাইজৰ দলৰ (Raijor Dal) কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জিতুল ডেকাই । লগতে উক্ত বিষয়টোৰ সন্দৰ্ভত উচিত ব্যবস্থা ল’বলৈ সজাঁতি দলটোৱে শ্ৰম বিষয়াগৰাকীক পোন্ধৰ দিনৰ সময়সীমা বান্ধি দিয়ে ।

অন্যথা সদৌ অসম অটোম'বাইল শ্ৰমিক ইউনিয়নৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি জিতুল ডেকাই।

লগতে পঢ়ক : উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

Last Updated : Nov 12, 2021, 9:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.