ETV Bharat / state

উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

author img

By

Published : Nov 11, 2021, 8:44 PM IST

একপ্ৰকাৰ উদং হৈ পৰিল দিছপুৰ । ১২ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ মুম্বাইৰ ৰামভাও মাগ্নী প্রবােধিনীত অনুষ্ঠিত হ’ব দেশৰ সকলাে বিজেপি বিধায়কৰ প্রশিক্ষণ । বৃহস্পতিবাৰে বিয়লিৰ ভাগত নতুন দিল্লীৰ পৰাই মুম্বাইলৈ ৰাওনা হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ।

Ministers and ruling party MLAs including the Chief Minister left for Mumbai for special training
উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

গুৱাহাটী, ১১ নবেম্বৰ : মুখ্যমন্ত্রীকে ধৰি দলে দলে বিজেপিৰ মন্ত্রী আৰু বিধায়ক উৰা মাৰিছে দিল্লী-মুম্বাইলৈ । তিনি-চাৰি দিনৰবাবে মন্ত্রীসকলৰ লগতে শাসকীয় দলৰ বিধায়কসকল বহিঃ ৰাজ্যলৈ উৰা মৰাৰ বাবে উদং হৈ পৰিছে দিছপুৰ । উল্লেখ্য যে কেইবাদিনীয়া চৰকাৰী কার্যসূচীলৈ সােমবাৰেই নতুন দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ।

তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন, কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গডকাৰী, কেন্দ্রীয় গ্রামােন্নয়ন মন্ত্রী গিৰিৰাজ সিং আদিকে ধৰি বহুকেইজন শীর্ষনেতাক সাক্ষাৎ কৰে । উল্লেখ্য যে, ১২ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ মুম্বাইৰ ৰামভাও মাগ্নী প্রবােধিনীত অনুষ্ঠিত হ’ব দেশৰ সকলাে বিজেপি বিধায়কৰ প্রশিক্ষণ ।

তিনিদিনীয়া এই প্রশিক্ষণ শিবিৰত মার্গদর্শনৰ বাবে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দেশৰ গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নড্ডা , ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষকে ধৰি বিজেপিৰ শীর্ষ নেতৃত্ব । উন্নয়নমূলক কাম-কাজ, দলৰ বিচাৰধাৰা, পুঁজিৰ ব্যৱহাৰকে ধৰি আন বহু বিষয়ত বিতংকৈ সমল ব্যক্তিসকলে প্রশিক্ষণ দিব । এই প্রশিক্ষণ ল’বলৈ বুধবাৰেই অসমৰ পৰা বিজেপিৰ বহুসংখ্যক মন্ত্রী-বিধায়ক মুম্বাইলৈ বুলি ৰাওনা হৈছে ।

অৱশ্যে উপ-নির্বাচনত জয়ী হােৱা বিজেপি তথা মিত্ৰজোঁটৰ পাঁচ বিধায়কৰ শপত গ্রহণ অনুষ্ঠানৰ বাবে বহুকেইজন মন্ত্রী-বিধায়কে বৃহস্পতিবাৰে বিয়লিৰ ভাগত হে বিজেপিৰ নৱ-নির্বাচিত বিধায়ক সকলৰ সৈতে মুম্বাইলৈ উৰা মাৰে । ইফালে বৃহস্পতিবাৰে বিয়লিৰ ভাগত নতুন দিল্লীৰ পৰাই মুম্বাইলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও উৰা মাৰে । ১৫ নৱেম্বৰলৈ ৰাজ্যত নাথাকিব মুখ্যমন্ত্রী তথা মন্ত্রীসকলৰ লগতে শাসকীয় দলৰ বিধায়কসকল । একপ্ৰকাৰ উদং হৈ পৰিল দিছপুৰ।

লগতে পঢ়ক : IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.