thumbnail

কলেৰা ৰোগৰ সৈতে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্যবিভাগ - Cholera Cases in Assam

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:41 AM IST

কলিয়াবৰ, 15 জুন : শেহতীয়াকৈ ডিব্ৰুগড়ৰ জয়পুৰ চাহ বাগিচাত কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক  ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যুৰ হোৱাৰ বিপৰীতে 75 গৰাকী আক্ৰান্ত হৈছে ৷ স্বাস্থ্য বিভাগৰ ফালৰ পৰাও সজাগতা জাৰি কৰা হৈছে ৷ এই ৰোগৰ সৈতে যুঁজ দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সষ্টম হৈ আছে ৷ কলিয়াবৰত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত শেহতীয়াকৈ কলেৰা আৰু ডায়েৰীয়াই ৰোগে ভয়ংকৰ ৰূপ লৈছে ৷ চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এজনৰ পাচত আন এজন ৰোগী আক্ৰান্ত হৈছে এই ৰোগত । ইতিমধ্যে জিলা স্বাস্থ্য় বিভাগে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হাওৰাত কাম কৰিবলৈ গৈ কিছুলোকে কলেৰাৰ বীজাণু কঢ়িয়াই আনিছে ডিব্ৰুগড়লৈ : মুখ্যমন্ত্ৰী - Cholera Cases in Dibrugarh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.