ETV Bharat / sitara

শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

author img

By

Published : Nov 12, 2021, 12:12 PM IST

ভাৰতীয় OTT প্লেটফৰ্মত প্ৰৱেশ কৰাৰ উদ্দেশ্যেৰে যশৰাজ ফিল্মছ(Yash Raj Films)ৰ বেনাৰত আৰম্ভ হ'ব এটা নতুন ব্যৱসায়িক উদ্যোগ । ইয়াৰ বাবে ৫০০ কোটি টকা বিনিয়োগ কৰিব আদিত্য চোপ্ৰা(Aditya Chopra)ই । ইতিমধ্যে ২০২১-২০২২ বৰ্ষৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ১,২০০ কোটি টকা বিনিয়োগ কৰাৰ পাচত এতিয়া ভাৰতৰ সৰ্ববৃহৎ প্ৰডাকছন হাউচ যশৰাজ ফিল্মছে OTT প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ সাজু হৈছে ।

Yash Raj Films' OTT platform coming soon
শীঘ্ৰেই OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে

চিটাৰা ডেস্ক, ১২ নৱেম্বৰ: এইবাৰ ডিজিটেল প্লেটফৰ্মত কাম কৰাৰ মন মেলিছে ছবি নিৰ্মাতা আদিত্য চোপ্ৰা(Aditya Chopra)ই । যশৰাজ ফিল্মছৰ বেনাৰত শীঘ্ৰেই আৰম্ভ কৰা হ'ব "ৱাইআৰএফ এণ্টাৰটেইনমেণ্ট" শীৰ্ষক এটা নতুন ডিজিটেল উদ্যোগ আৰু এই উদ্যোগটোৰ জৰিয়তে OTT প্লেটফৰ্মত প্ৰৱেশ কৰিব যশৰাজ ফিল্মছে । এই অ'টিটি উদ্যোগৰ বাবে যশৰাজ ফিল্মছে (Yash Raj Films) ৫০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে । "দিলৱালে দুলহনিয়া লে জায়েংগে" আৰু "ৰব নে বানা দি জোড়ী"ৰ দৰে হিট ছবিৰ পৰিচালক আদিত্য চোপ্ৰাই এই "ৱাইআৰএফ এণ্টাৰটেইনমেণ্ট"ৰ সৈতে ডিজিটেল মাৰ্কেটক নতুন ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে ।

এক সূত্ৰই জনোৱা মতে, আদিত্য চোপ্ৰাই ভাৰতত ডিজিটেল কণ্টেট প্ৰডাকচন বৃদ্ধিত অৰিহণা যোগাব বিচাৰে । বৰ্তমান ভাৰতীয় অ'টিটি প্লেটফৰ্মত চলি থকা কাহিনীসমূহক বিশ্বমানৰ কৰি তুলিবলৈ প্ৰয়াস কৰিব চোপ্ৰাই আৰু অ'টিটি প্লেটফৰ্মক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে । এই সন্দৰ্ভত ৱাইআৰএফৰ বৃহৎ পৰিকল্পনা আছে আৰু তেওঁলোকে শীঘ্ৰেই তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰিব ।

৫০ বছৰীয়া ছবি নিৰ্মাতা আদিত্য চোপ্ৰা আৰু যশৰাজ ফিল্মছে যোৱা দুবছৰ ধৰি অ'টিটি উদ্যোগটো তৈয়াৰ কৰাৰ বাবে কাম কৰি আছে । ইতিমধ্যে কেইবাটাও নতুন প্ৰজেক্ট হাতত লোৱা হৈছে বুলিও জানিব পৰা গৈছে ।

সাধাৰণতে যশৰাজ ফিল্মছে যেতিয়া নতুন কিবা এটা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়, সেয়া সততে অতুলনীয় বুলি বিবেচিত হয় । ইতিমধ্যে এই নতুন উদ্যোগৰ বাবে ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে । ৱাইআৰএফে সদায় নতুন প্ৰতিভা, সাধাৰণ তথা ৰোমাঞ্চকৰ কাহিনীক ছবি নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আহিছে ।

লগতে পঢ়ক:হিমাচলত প্ৰদেশত মন্দিৰ দৰ্শন শিল্পা ছেট্টী-ৰাজ কুন্দ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.