ডিগবৈত নিষিদ্ধ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক

By

Published : Nov 12, 2021, 2:09 PM IST

thumbnail
()

বৰ্তমান ৰাজ্যৰ জিলাই জিলাই অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । তথাপিও ভয় নাই ড্ৰাগছ সৰবৰাহকাৰীৰ । প্ৰতিদিনে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা চলিয়েই আছে । বৃহস্পতিবাৰে ডিগবৈত আৰক্ষীৰ জালত পৰিল ২ ড্ৰাগছ সৰবৰাহকাৰী । আৰক্ষীৰ অভিযানত জব্দ হ'ল বুজন পৰিমাণৰ ড্ৰাগছ । গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ডিগবৈৰ ১৮ নং গাৰোৱাল সেনা বাহিনী আৰু মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত যুটীয়া অভিযান চলাই এই ড্ৰাগছখিনি জব্দ কৰা হয় ৷ এই অভিযান কালত ৰাজীৱ বেনাৰ্জী আৰু ফইজুল ইছলাম নামৰ সৰবৰাহকাৰী দুটাক অভিযানকাৰী দলটোৱে আটক কৰে । দুয়োৰে ঘৰ বোকাজানত । ডিমাপুৰৰ পৰা ডুমডুমাৰ কোনো লোকক বিক্ৰী কৰাৰ বাবে প্ৰায় ৬১.৭৫ গ্ৰাম ড্ৰাগছ সৰবৰাহ কৰি আনিছিল । পাঁচটা চাবোনৰ বাকচত ভৰাই আনিছিল ড্ৰাগছখিনি ৷ ইতিমধ্যে ধৃত লোক দুজনক সেনা বাহিনীয়ে ডিগবৈ আৰক্ষীক গটাই দিছে । ডিগবৈ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.