ETV Bharat / bharat

পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত BSFৰ গুলিত নিহত দুই বাংলাদেশী সৰৱৰাহকাৰী

author img

By

Published : Nov 12, 2021, 12:35 PM IST

শুকুৰবাৰে পশ্চিং বংগৰ ভাৰত-বাংলা সীমান্ত (Indo-Bangla Border)ৰ নিৰীক্ষণৰ দায়িত্বত থকা সীমান্ত সুৰক্ষা বাহিনীৰ (Border Security Force) গুলিত নিহত হয় দুজন বাংলাদেশী সৰৱৰাহকাৰী ৷ দুয়োগৰাকীয়ে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰি গুৰু মূৰ সৰৱৰাহৰ কৰাৰ প্ৰয়াস কৰিছিল বুলি জানিব পৰা গৈছে ৷

Two Bangladeshi smugglers killed in BSF firing near India-Bangladesh border in West Bengal
পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত BSFৰ গুলিত নিহত দুই বাংলাদেশী সৰৱৰাহকাৰী

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : পশ্চিম বংগৰ কোচবিহাৰ জিলাত সীমান্ত সুৰক্ষা বাহিনী (Border Security Force)ৰ গুলীত নহত দুই বাংলাদেশী সৰৱৰাহকাৰী ৷ শুকুৰবাৰে পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্ত (Indo-Bangla Border)ত গৰুৰ মূৰ সৰৱৰাহৰ চেষ্টা কৰাৰ সময়তেই দুয়ো সৰৱৰাহকাৰীক উদ্দেশ্যি গুলিচালনা কৰে BSFএ ৷ আনহাতে, সৰৱৰাহকাৰী দুজনৰ আক্ৰমণকত এজন বি এছ এফ জোৱান আঘাতপ্ৰাপ্ত হয় যদিও তেওঁৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷

BSFএ এক বিবৃতিযোগে কয় যে, "বাংলাদেশৰ পৰা দুই সৰৱৰাহকাৰী ভাৰতত প্ৰৱেশ কৰে ৷ সৰৱৰাহকাৰী দুজনে বাঁহৰ কেন্টিলিভাৰ স্থাপন কৰি গৰুৰ মূপৰ সৰৱৰাহৰ চেষ্টা কৰিছিল ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁলোকক আঁতৰি যাবলৈ সকিয়নী প্ৰদান কৰিছিল যদিও তেওঁলোকে এই কথাত গুৰুত্ব প্ৰদান কৰা নাছিল আৰু বি এছ এফৰ জোৱানসকলক দা আৰু লোহাৰ লাঠিৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় যাৰ বাবে বাধ্যত পৰি BSFএ গুলিচালনা কৰিবলগীয়া হয় ৷"

জীৱনৰ প্ৰতি এক আসন্ন ভাবুকি অনুভৱ কৰিয়েই বিএছএফ (BSF)ৰ দলে দুৰ্বৃত্তলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ কথা বিবৃতিখনত উল্লেখ কৰা হৈছে । "পিছত তালাচীৰ সময়ত সীমান্তৰ বেৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰ মাজত দুজন অজ্ঞাত দুৰ্বৃত্তৰ মৃতদেহ উদ্ধাৰ হয় ।" উল্লেখ্য যে, বিএছএফ (BSF)ক ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্ত ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু চোৰাং ব্যৱসায়ৰ লগতে অন্যান্য অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ তেওঁলোক দায়ৱদ্ধ ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.