ETV Bharat / bharat

ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Nov 12, 2021, 11:51 AM IST

GB pant hospital
ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বৈঠক

জিবি পন্ত চিকিৎসালয়ৰ 'ৰোগী কল্যাণ সমিতি'ৰ বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক । আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিবি পন্ত চিকিৎসালয়ত এটা প্ৰশাসনিক ভৱন নিৰ্মাণ কৰা হ'ব । জিবি পন্ত চিকিৎসালয়ৰ ৰোগীসকলৰ বাবে এটা আশ্ৰয় গৃহও নিৰ্মাণ কৰা হ'ব ।

আগৰতলা, ১২ নৱেম্বৰ : ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আগৰতলাৰ জিবি পন্ত চিকিৎসালয়ৰ (GB Pant hospital) 'ৰোগী কল্যাণ সমিতি'(Rogi Kalyan Samiti)ৰ এখন বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে । চিকিৎসালয়খনৰ ৰোগী কল্যাণ সমিতিৰ পৰিচালনা সমিতিৰ বৈঠক বৃহস্পতিবাৰে অনুষ্ঠিত হয় । বৈঠকত সভাপতিত্ব কৰে সন্থাৰ অধ্যক্ষ তথা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে (Pratima Bhoumik) ।

বৈঠকত অনাগত দিনত স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণৰ বাবে ১১ টা প্ৰস্তাৱ গ্ৰহণ কৰা হয় । বৈঠকৰ নেতৃত্ব দিয়া ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে কয় যে, আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিবি পন্ত চিকিৎসালয়ত এটা প্ৰশাসনিক ভৱন নিৰ্মাণ কৰা হ'ব । ইয়াৰ উপৰিও, জিবি পন্ত চিকিৎসালয়ৰ ৰোগীসকলৰ বাবে এটা আশ্ৰয় গৃহও নিৰ্মাণ কৰা হ'ব । লগতে তেওঁ কয় যে স্থায়ী পাৰ্কিং স্থানো সম্প্ৰসাৰণ কৰা হ'ব ।

তেওঁ জনায় যে স্বাস্থ্য সেৱাৰ বিকাশৰ বাবে ৮ ছেপ্টেম্বৰত অনুষ্ঠিত ৰোগী কল্যাণ সমিতিৰ বৈঠকত লোৱা প্ৰায় ৯০ শতাংশ সিদ্ধান্তই ইতিমধ্যে সম্পূৰ্ণ হৈছে । নিউৰ'চাৰ্জাৰীৰ (neurosurgery) পৰা আৰম্ভ কৰি হৃদযন্ত্ৰ, অৰ্থ'পেডিক (orthopedic), বৃক্কলৈকে জিবি পন্ত চিকিৎসালয়ত সকলো সমস্যা সমাধান কৰিব পাৰি ।

ইয়াৰ উপৰিও, এই চিকিৎসালয়খনত প্ৰতিদিনে পেচমেকাৰ (pacemaker), এঞ্জিওগ্ৰাম (angiogram) আৰু বিভিন্ন অস্ত্ৰোপচাৰ কৰা হয় । ৭ ছেপ্টেম্বৰত, প্ৰায় ১৫ গৰাকী ৰোগীয়ে "ৰোগী কল্যাণ সমিতি" আৰু চৰকাৰী চিকিৎসক সন্থাৰ এক যুটীয়া উদ্যোগত বিনামূলীয়া ডায়েলাইচিছ (dialysis) কৰাইছিল । কেন্দ্ৰীয় মন্ত্ৰী ভৌমিকে অৱগত কৰা মতে এখন ব্যক্তিগত চিকিৎসালয়ত এনেধৰণৰ চিকিৎসাৰ বাবে প্ৰায় ৪০ হাজাৰ টকা ব্যয় হয় ।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতিটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে যাতে কোনো ৰোগীক পেচমেকাৰ স্থাপনৰ বাবে বা হৃদযন্ত্ৰৰ কোনো চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া নহয় । বৃহস্পতিবাৰৰ বৈঠকত ৰোগী কল্যাণ সমিতিৰ কাৰ্যবাহী আৰু সদস্য সচিব শংকৰ চক্ৰৱৰ্তী, আগৰতলা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰধান অধ্যাপক কে কে কুণ্ডু, সহকাৰী সদস্য সচিব ড০ শিৱপদ চক্ৰৱৰ্তী, সহকাৰী সদস্য সচিব ড০ বিশ্বজিৎ সূত্ৰধৰ আৰু সংগঠনটোৰ অন্যান্য সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক :TMC stages dharna : ত্ৰিপুৰাত দলীয় কৰ্মীক আক্ৰমণ কৰাক লৈ সৰৱ সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.