ETV Bharat / bharat

ডম্বুৰ হ্ৰদৰ সমীপত হেলিপেড মুকলি কৰি আনন্দিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

author img

By

Published : Nov 12, 2021, 12:33 PM IST

ত্ৰিপুৰালৈ যাব বিচৰা পৰ্যটকৰ বাবে সুখবৰ । ৰাজ্যখনৰ অন্যতম পৰ্যটনস্থলী ডম্বুৰ হ্ৰদৰ সমীপত মুকলি কৰা হ'ল হেলিপেড । বাকী ৮ টা পৰ্যটনস্থলীটো হেলিপেড নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ত্ৰিপুৰা চৰকাৰে ।

Open helipad near Dumbur Lake
ডম্বুৰ হ্ৰদৰ সমীপত হেলিপেড মুকলি কৰি আনন্দিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

আগৰতলা,১২ নৱেম্বৰ : ত্ৰিপুৰা চৰকাৰে শেহতীয়াকৈ পৰ্যটন ক্ষেত্ৰৰ (Tourism sector) উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb) ৰাজ্যখনৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু ডম্বুৰ হ্ৰদৰ (Dumbur Lake) সমীপত এক হেলিপেড উদ্বোধন কৰে । ডম্বুৰ হ্ৰদ আগৰতলাৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰৈত ত্ৰিপুৰাৰ গোমতী জিলাৰ অমৰপুৰ মহকুমাৰ এক বিখ্যাত পৰ্যটনস্থলী ।

হেলিপেড উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ লগতে হ্ৰদটোৰ কাষত থকা লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে 'নাৰিকল কুঞ্জ' (Narikel Kunja) আৰু ডুম্বুৰ হ্ৰদক অত্যাধুনিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । যাৰ বাবে অহা তিনি বছৰত ৩ হাজাৰৰো অধিক লোকৰ জীৱিকা নিশ্চিত কৰাৰ বাবে এক বিশেষ পৰিকল্পনা হাতত লৈছে চৰকাৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, তুলনামূলকভাৱে কম সময়ৰ ভিতৰত আৰ্থ-সামাজিক মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । ৰাজ্য চৰকাৰে সেই লক্ষ্য আগত ৰাখিয়ে কাম কৰি আছে ।

ডম্বুৰ হ্ৰদক অত্যাধুনিক সেৱা আৰু সুবিধাৰ সৈতে এক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে । যদি এই সকলোবোৰ পৰিকল্পনা সম্পূৰ্ণ হয় তেনেহ'লে এই ক্ষেত্ৰত প্ৰায় চাৰে তিনি হাজাৰ লোকৰ বাবে নিযুক্তিৰ সৃষ্টি হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী । অহা ২০২২ চনৰ জানুৱাৰী মাহৰ ভিতৰত ২৩ টা লগ হাট (Log hut) নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱাৰ পথত ।

মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰি কয় যে ডম্বুৰত হেলিকপ্টাৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে পৰ্যটকসকলক এই পৰ্যটনস্থলীয়ে অধিক আকৰ্ষিত কৰিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনৰ আৰু প্ৰায় ৮ টা পৰ্যটনস্থলীত হেলিপেড নিৰ্মাণৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছে । কেন্দ্ৰৰ পৰা সেউজ সংকেত পালেই প্ৰায় ৬৪ কোটি টকা ব্যয়েৰে সেই ৮ টা হেলিপেড নিৰ্মাণৰ কামো আৰম্ভ হ'ব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰ্যটন মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ে (Pranjit Singha Roy) কয় যে এই পৰ্যটনস্থলীক পৰ্যটকৰ বাবে মনোৰঞ্জন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে কেইবাটাও পৰিকল্পনা হাতত লোৱা হৈছে । ৰাজ্য চৰকাৰে পৰ্যটন কেন্দ্ৰসমূহৰ বিকাশ, প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । নাৰিকল কুঞ্জ নামৰ বিশেষ ঠাইখনৰ পুৰণি ঐতিহ্য উদ্ধাৰৰ বাবে ইতিমধ্যে ৪০০ টা উন্নত প্ৰজাতিৰ নাৰিকলৰ পুলি ৰোপণ কৰা হৈছে বুলি উল্লেখ কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.