মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ

By

Published : Nov 12, 2021, 11:45 AM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধীবাৰী 2 য় খণ্ডত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মোমায়েকক ভাগিনীয়েকে হানি-খুচি হত্যাৰ চেষ্টা(Attempt to Murder) কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ভাগিনীয়েকে কটাৰীৰে পেটত হানি-খুচি হত্যাৰ চেষ্টা কৰে মোমায়েকক ৷ ইয়াৰ পাচতে মোমায়েকক পথাৰত পেলাই থৈ পলায়ন কৰে ভাগিনীয়েকে ৷ লগে লগে আঘাতপ্ৰাপ্ত জোনাপ আলীক মুমূৰ্ষ অৱস্থাত বঙাইগাঁও চিকিৎসালয়ত ভৰ্তি কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ সম্প্ৰতি তেওঁৰ অৱস্থা সংকটজনক ৷ ঘটনা সংক্ৰান্তত জোনাপ আলীৰ পৰিয়ালে অৱগত কৰিছে বৰঘোলা আৰক্ষী(Barghola Police)ক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.