ETV Bharat / state

শিক্ষা সেতুত দিব লাগিব শিক্ষাৰ্থীৰ অভিভাৱকৰ মোবাইল নম্বৰ - Shiksha Setu App

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 7:46 PM IST

Shiksha Setu: ২৮ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ শিক্ষা সেতুত আপডেট কৰাটো বাধ্যতামূলক কৰিছে সমগ্ৰ শিক্ষা অসমে । শুদ্ধ মোবাইল নম্বৰ নথকা বাবে বিদ্যা সমীক্ষা কেন্দ্ৰৰ কল চেণ্টাৰে যোগাযোগ কৰিব পৰা নাই বিদ্যালয়ত দীৰ্ঘদিন অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সৈতে । চি আৰ চি চিসকলক প্ৰতিখন বিদ্যালয় পৰিদৰ্শন কৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি শিক্ষা সেতুত আপডেট কৰাৰ নিৰ্দেশ ।

Shiksha Setu Axom
শিক্ষা সেতুত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ১৭ মে' : শিক্ষা সেতুত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ আপডেট কৰাটো বাধ্যতামূলক কৰিছে সমগ্ৰ শিক্ষা অসমে । এই সন্দৰ্ভত সমগ্র শিক্ষা অসমৰ কার্যবাহী সঞ্চালকে প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ যোৱা ১২ মে'ত এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ।

এই পত্ৰখনত সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালকগৰাকীয়ে উল্লেখ কৰে যে বেছি ভাগ ক্ষেত্ৰতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ শুদ্ধকৈ পোৱা নাযায় । যাৰবাবে বিদ্যা সমীক্ষা কেন্দ্ৰৰ কল চেণ্টাৰে বিদ্যালয়ত দীৰ্ঘদিন ধৰি অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰিব নোৱাৰে ।

সেয়ে সমগ্র শিক্ষা অসমে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ পৰীক্ষা কৰি শিক্ষা সেতুত আপডেট কৰাৰ সিদ্ধান্ত লৈছে । সকলো চি আৰ চি চিয়ে যাতে অহা ২৮ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ শিক্ষা সেতুত আপডেট কৰে তাৰ বাবে দায়িত্বপ্রাপ্ত সংশ্লিষ্ট বিষয়াসকলে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

Shiksha Setu Axom
শিক্ষা সেতুত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মোবাইল নম্বৰ (ETV BHARAT ASSAM)

ইয়াৰ বাবে দায়িত্বপ্রাপ্ত বিষয়াসকলে চি আৰ চি চিসকলক প্ৰতিখন বিদ্যালয় পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিব লাগে, যাতে তেওঁলোকে বিদ্যালয়সমূহ পৰিদৰ্শন কৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি শিক্ষা সেতুত আপডেট কৰাটো নিশ্চিত কৰিব পাৰে ।

লক্ষণীয় বিষয় যে শিক্ষা সেতু এপক লৈ সময়ে সময়ে বিভিন্ন নিৰ্দেশনা জাৰি কৰাৰ লৈ সমস্যাত পৰিছে শিক্ষক সমাজ । ফলত বহু সময়ত শিক্ষক সমাজত শিক্ষা সেতুকলৈ বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

কেতিয়াৰ পৰা আৰম্ভ হৈছে শিক্ষা সেতু এপ :

২০২৩ ৰ ২৪ এপ্ৰিলত মুকলি কৰা হয় শিক্ষা সেতু এপ । নতুন শিক্ষা নীতিৰ পৰামৰ্শবোৰ কাৰ্যকৰী কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিদ্যালয় পৰ্যায়ত শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ দৈনন্দিন কাৰ্যকলাপৰ হিচাপ ৰখাৰ বাবে চৰকাৰে বিদ্যালয় নিৰীক্ষণ আৰু ব্যৱস্থাপনা প্ৰণালী ৰূপায়ণৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে এই শিক্ষা ব্যৱস্থাপনা । বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাপনাৰ বাবে শিক্ষা সেতু প'ৰ্টেল এপটো আৰম্ভ কৰা হৈছে ।

এইটো ৰাজ্য চৰকাৰৰ নিজাববীয়া এপ । ইয়াত কেন্দ্ৰীয় চৰকাৰৰ কোনো ভূমিকা নাই । এই এপটো পৰিচালনা কৰাৰ বাবে প্ৰতিখন বিদ্যালয়ৰ কৰ্তৃপক্ষক একোটাকৈ টেবলেট দিয়া হৈছে । শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি থকা বিদ্যালয়ত দুটাকৈ টেবলেট দিয়া হৈছে । এই টেবলেট পৰিচালনা কৰাৰ বাবে বিদ্যালয় সমূহক পুঁজি দিয়া হৈছে ।

এই ব্যৱস্থাৰ বাবে চাৰিটা প্ৰধান শ্ৰেণীত ৰাজ্যৰ বিদ্যালয়সমূহক বিভক্ত কৰা হৈছে । প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱমৰ পৰা দশম শ্ৰেণীলৈকে আৰু একাদশ‌ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়সমূহক চাৰিটা প্ৰধান শ্ৰেণীত বিভক্ত কৰা হৈছে ।

শিক্ষা সেতুৰ শেহতীয়াকৈ কেতবোৰ নিৰ্দেশনালৈ উদ্বিগ্ন শিক্ষক সমাজ :

চলিত শিক্ষাবৰ্ষৰ পৰা শিক্ষা সেতু এপত কেতবোৰ বিষয় বাধ্যতামূলক কৰা হৈছে । শিক্ষা সেতু এপত শিক্ষাৰ্থীৰ উপস্থিতি দিয়াটো বাধ্যতামূলক কৰা হৈছে । এই এপত শিক্ষাৰ্থীৰ উপস্থিতি মতেহে মধ্যাহ্ন ভোজনৰ পুঁজি মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে । ইফালে, আধাতে এৰি যোৱা শিক্ষাৰ্থীক শিক্ষানুষ্ঠানলৈ ওভতাই অনা, উচ্চ মানৰ ইউনিফর্ম যোগান ধৰাকে ধৰি শাস্তিমূলক ব্যৱস্থা আদি বিভিন্ন নতুন নিৰ্দেশনাৰে শিক্ষা বিভাগ আৰু সমগ্র শিক্ষাই চিন্তিত কৰি তুলিছে শিক্ষক সমাজক ।

উল্লেখ্য যে অনলাইনৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীৰ দৈনিক উপস্থিতি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাই কৰিছিল । পৰীক্ষামূলকভাৱে এই ব্যৱস্থা চলি আছিল যদিও পহিলা এপ্ৰিলৰ পৰা শিক্ষা সেতুত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰা হৈছে । সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে ইতিমধ্যে শিক্ষা সেতু এপত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰি নিৰ্দেশনাও জাৰি কৰিছিল ।

এই নিৰ্দেশনা অনুসৰি সমগ্ৰ শিক্ষাৰ অধীনত জিলা পৰ্যায়ৰ পৰা খণ্ড পৰ্যায়লৈ সকলোৱে শিক্ষা সেতু এপত নাম পঞ্জীয়ন কৰাটো বাধ্যতমূলক । এই এপটোত নিতৌ প্ৰৱেশ, প্ৰস্থানৰ সময়ত উপস্থিতি দিয়াটো বাধ্যতামূলক। অর্থাৎ শিক্ষা সেতু এপত শিক্ষক-কর্মচাৰী, শিক্ষার্থীয়ে উপস্থিতি দিয়াটো বাধ্যতমূলক কৰাত একপ্ৰকাৰ উদ্বিগ্ন শিক্ষক সমাজ ।

লগতে পঢ়ক:শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ - Shiksha Setu App

Govt Employees: শিক্ষকৰ দৰে আন কৰ্মচাৰীৰ বাবেও প্ৰযোজ্য হ'ব উপস্থিতিৰ ডিজিটেল ব্যৱস্থা

Shiksha Setu Portal: টেবলেটত খোলেই খোৱা নাই APP; বিপাঙত শিক্ষক-শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.