ETV Bharat / state

শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ - Shiksha Setu App

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 2:16 PM IST

TEACHERS COMMUNITY IS FACING A DIFFICULT SITUATION for SHIKSHA SETU APP
শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ

Shiksha Setu Axom : শিক্ষা সেতু এপৰ যোগেদি শিক্ষকৰ ওপৰত নতুন নতুন নিৰ্দেশনা জাপি দিয়াৰ অভিযোগ শিক্ষক সমাজৰ । শ্ৰেণীকোঠা এৰি যোৱা শিক্ষাৰ্থীক বিদ্যালয়লৈ ঘূৰাই অনাৰ দায়িত্ব ল'ব লাগিব শিক্ষকে । শিক্ষাৰ্থীৰ উপস্থিতি অনুসৰিহে পাব মধ্যাহ্ন ভোজনৰ পুঁজি । বাধ্যতামূলক কৰা হৈছে শিক্ষা সেতুত উপস্থিতি দিয়াটো ।

গুৱাহাটী, ৫ এপ্ৰিল : পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন শৈক্ষিক বৰ্ষ । এই নতুন শৈক্ষিক বৰ্ষত শিক্ষকসকলে প্রবল প্রত্যাহ্বানৰ মাজেৰে শিক্ষাদান কৰিবলগীয়া হ'ব । ইয়াৰ মূলতে হৈছে শিক্ষা সেতু এপ । কাৰণ শিক্ষা সেতু এপত কেতবোৰ বিষয় বাধ্যতামূলক কৰিছে শিক্ষা বিভাগে ।

TEACHERS COMMUNITY IS FACING A DIFFICULT SITUATION for SHIKSHA SETU APP
শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ

শিক্ষা সেতু এপত বাধ্যতামূলক উপস্থিতি, এপত শিক্ষাৰ্থীৰ উপস্থিতি মতেহে মধ্যাহ্ন ভোজনৰ পুঁজি মুকলি কৰা, আধাতে এৰি যোৱা শিক্ষাৰ্থীক শিক্ষানুষ্ঠানলৈ ওভতাই অনা, উচ্চ মানৰ ইউনিফর্ম যোগান ধৰাকে ধৰি শাস্তিমূলক ব্যৱস্থা আদি বিভিন্ন নতুন নিৰ্দেশনাৰে শিক্ষা বিভাগ আৰু সমগ্র শিক্ষাই চিন্তিত কৰি তুলিছে শিক্ষক সমাজক ।

লক্ষণীয় বিষয় যে, অনলাইনৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীৰ দৈনিক উপস্থিতি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাই কৰিছিল । পৰীক্ষামূলকভাৱে এই ব্যৱস্থা চলি আছিল যদিও পহিলা এপ্ৰিলৰ পৰা শিক্ষা সেতুত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰা হৈছে । সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে ইতিমধ্যে শিক্ষা সেতু এপত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰি নিৰ্দেশনাও জাৰি কৰিছে ।

TEACHERS COMMUNITY IS FACING A DIFFICULT SITUATION for SHIKSHA SETU APP
শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ

এই নিৰ্দেশনা অনুসৰি সমগ্ৰ শিক্ষাৰ অধীনত জিলা পৰ্যায়ৰ পৰা খণ্ড পৰ্যায়লৈ সকলোৱে শিক্ষা সেতু এপত নাম পঞ্জীয়ন কৰাটো বাধ্যতমূলক । এই এপটোত প্রতিদিনে প্ৰৱেশ, প্ৰস্থানৰ সময়ত উপস্থিতি দিয়াটো বাধ্যতামূলক । অর্থাৎ শিক্ষা সেতু এপত শিক্ষক-কর্মচাৰী, শিক্ষার্থীয়ে উপস্থিতি দিয়াটো বাধ্যতমূলক হোৱাৰ লগে লগে বিশেষকৈ শিক্ষকসকল বিভিন্ন বিষয়ত জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ।

নাম প্ৰকাশত অনিচ্ছুক একাংশ শিক্ষকে জনোৱা মতে শিক্ষা সেতু এপৰ উপস্থিতি চাইহে পি এম পোষণৰ অধীনত মধ্যাহ্ন ভোজন যোগান ধৰা হ'ব । প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে সমগ্র শিক্ষাই দৈনিক কৰা ব্যয়ৰ পৰিমাণ 5.40 টকা । এই পুঁজিৰে শিক্ষাৰ্থীসকলক আহাৰৰ লগত সপ্তাহত কণীও দিব লাগিব । শিক্ষা সেতু এপত উপস্থিতি চাইহে মধ্যাহ্ন ভোজনৰ পুঁজি দিয়াৰ নীতিগ্ৰহণ কৰিছে সমগ্ৰ শিক্ষাই ।

TEACHERS COMMUNITY IS FACING A DIFFICULT SITUATION for SHIKSHA SETU APP
শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ

ইয়াৰ ফলত শিক্ষকসকল বিমোৰত পৰাটো নিশ্চিত । কাৰণ কোনো এটা দিনত শিক্ষানুষ্ঠানত 50 গৰাকী শিক্ষার্থী উপস্থিতি থাকিব পাৰে আৰু কোনো এটা দিনত অথবা পিছদিনা একেখন শিক্ষনুষ্ঠানত 80 গৰাকী শিক্ষার্থী উপস্থিত থাকিব পাৰে । তেনেহ'লে খাদ্য প্ৰস্তুতৰ সময়ত শিক্ষকসকল বিমোৰত পৰাটো নিশ্চিত ।

তদুপৰি শিক্ষা সেতু এপে কাৰিকৰী কাৰণত সকলো শিক্ষাৰ্থীৰ উপস্থিতি নলয় । যাৰ ফলত পি এম পোষণৰ অধীনত মধ্যাহ্ন ভোজন যোগানত বেমেজালিৰ আশংকা কৰিয়েই শিক্ষক সংগঠনে শিক্ষকক এই ব্যৱস্থা পৰিচালনাৰ পৰা অব্যাহতি বিচাৰি স্বেচ্ছাসেৱী সংগঠনক দায়িত্ব দিবলৈ শিক্ষামন্ত্ৰীক দাবী জনাইছিল ।

তদুপৰি শিক্ষা সেতু এপত উপস্থিতি দিয়াটো বাধ্যতামূলক হোৱাৰ লগে লগে আধাতে কোনো শিক্ষার্থীয়ে বিদ্যালয় এৰিলে সেই শিক্ষাৰ্থীৰ ঘৰলৈ গৈ বিদ্যালয়লৈ অনাৰ ব্যৱস্থা শিক্ষকে কৰিব লাগিব । শিক্ষার্থী বিদ্যালয়লৈ নাহিলেও সেইসকল শিক্ষাৰ্থীক অনাৰ ব্যৱস্থা কৰাৰ লগতে উপস্থিতি বাধ্যতামূলকভাবে শিক্ষা সেতুত দিবলগীয়া হোৱাৰ লগে লগে বিশেষকৈ গ্রামাঞ্চলৰ শিক্ষকসকলে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত ।

ইফালে, কম পুঁজি যোগান ধৰি উচ্চ মানৰ ইউনিফর্ম যোগান ধৰাৰ কঠোৰ নিৰ্দেশনা ইতিপূৰ্বে জাৰি কৰিছে শিক্ষা বিভাগে । ইউনিফর্মসমূহৰ মান তিনিটা শ্ৰেণীত ভাগ কৰি শিক্ষাৰ্থীক তৃতীয় শ্ৰেণীৰ ইউনিফৰ্ম যোগান ধৰা শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ ব্যৱস্থা কৰাৰ ফলত শিক্ষক জেললৈ যাবলগীয়া হ'ব পাৰে ।

নতুন শিক্ষা নীতি বলৱৎ কৰা আগশাৰীৰ ৰাজ্য হিচাপে অসমক প্রতিষ্ঠা কৰিবলৈ যোৱা ৰাজ্য চৰকাৰে এনেদৰে নতুন নতুন পন্থা অৱলম্বন কৰাত শংকিত হৈ পৰিছে শিক্ষক সমাজ ।

লগতে পঢ়ক: শিক্ষাৰ্থীৰ উপস্থিতি সন্তোষজনক নহ’লে কৰ্তন হ’ব পাৰে শিক্ষকৰ দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.