ETV Bharat / state

শিক্ষাৰ্থীৰ উপস্থিতি সন্তোষজনক নহ’লে কৰ্তন হ’ব পাৰে শিক্ষকৰ দৰমহা

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 2:28 PM IST

শিক্ষা সেতু এপৰ বাদানুবাদ মাজতে শিক্ষকৰ ওপৰত নতুন কামৰ দায়িত্ব । সমগ্ৰ শিক্ষা বিভাগৰ মিছন সঞ্চালকৰ ৰাজ্যৰ সকলো জিলালৈ নিৰ্দেশনা জাৰি । এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি মধ্যাহ্ন ভোজনৰ লগত সংলগ্ন কৰিব লাগিব । মধ্যাহ্ন ভোজনৰ লগত শিক্ষকৰ উপস্থিতি আৰু শিক্ষকৰ দৰমহাও সংযুক্ত কৰিব লাগিব ।

New task on teachers through Shiksha Setu App
ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন

গুৱাহাটী, ১০ ডিচেম্বৰ : ৰাজ্যৰ ৰাজহুৱাখণ্ডৰ শিক্ষা ব্যৱস্থাত চৰকাৰে প্ৰযোজ্য কৰা নতুন নতুন নীতি-নিৰ্দেশনাই প্ৰায়ে বিতৰ্কৰ সূচনা কৰি আহিছে । চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ গুণগত মান উন্নত কৰাৰ বিপৰীতে চৰকাৰে শিক্ষকসকলক লক্ষ্য কৰি কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰাক লৈ প্ৰায়ে বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে ।

লক্ষণীয় বিষয় যে, শেহতীয়াকৈ শিক্ষা সেতু এপক লৈ বাদানুবাদ চলি থকা অৱস্থাতে এই এপৰ জৰিয়তে শিক্ষকসকলৰ ওপৰত জাপি দিব বিচৰা হৈছে নতুন কামৰ দায়িত্ব । এতিয়াৰে পৰা চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে ছাত্ৰ-ছাত্ৰীও বিচাৰি আনিব লাগিব । যদিহে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্তোষজনক নহয়, তেন্তে তেনে বিদ্যালয়ত শিক্ষকে দৰমহা হেৰুৱাব লগা হোৱাৰো আশংকা আছে ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এক নিৰ্দেশত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য । শেহতীয়াকৈ সমগ্ৰ শিক্ষা বিভাগৰ মিছন সঞ্চালকে ৰাজ্যৰ সকলো জিলালৈ জাৰি কৰা নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মতে এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি পোষণ অর্থাৎ মধ্যাহ্ন ভোজনৰ লগত সংলগ্ন কৰিব লাগিব ।

কেৱল ইমানেই নহয় নিৰ্দেশটোত পোষণ অর্থাৎ মধ্যাহ্ন ভোজনৰ লগত শিক্ষকৰ উপস্থিতি আৰু শিক্ষকৰ দৰমহাও সংযুক্ত কৰিব লাগিব । অর্থাৎ মধ্যাহ্ন ভোজনৰ লগত শিক্ষক-শিক্ষার্থীৰ উপস্থিতিৰ লগতে শিক্ষকৰ দৰমহাও লিংক কৰি শিক্ষা সেতু এপত অতি সোনকালেই আপলোড কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে ।

লক্ষণীয় বিষয় যে, এতিয়ালৈকে শিক্ষক-শিক্ষার্থীৰ উপস্থিতিহে শিক্ষা সেতু এপত আপলোড কৰা হৈছিল । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে উপস্থিতিৰ লগতে মধ্যাহ্ন ভোজনত উপস্থিতি আৰু শিক্ষকৰ দৰমহা লিংক হ'ব । ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে বিদ্যালয়ৰ উপস্থিতি বা মধ্যাহ্ন ভোজনৰ উপস্থিতি দেখুৱালেই নহ’ব ৷ এই উপস্থিতি সমানুপাতিক আৰু সন্তোষজনক হ'ব লাগিব । অন্যথা ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বিদ্যালয়খনৰ শিক্ষকসকলে ।

উল্লেখ্য যে, অলপতে শিক্ষা সেতু এপত শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ সমগ্ৰ শিক্ষা বিভাগে সকলো জিলা সামৰি এখন ভার্চুৱেল বৈঠক অনুষ্ঠিত কৰিছিল । উক্ত বৈঠকতে সমগ্ৰ শিক্ষা বিভাগৰ মিছন সঞ্চালকে জিলাসমূহক এই নিৰ্দেশ জাৰি কৰিছে ।

এই বৈঠকতে আন এক নিৰ্দেশ দিয়া হৈছে যে এতিয়াৰে পৰা কোনো শিক্ষার্থী বিদ্যালয়ত অনুপস্থিত থাকিলে সেই শিক্ষার্থীৰ অভিভাৱকৰ লগত বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শ্ৰেণী শিক্ষকে অনুপস্থিতিৰ কাৰণ জানিবলৈ যোগাযোগ কৰিব লাগিব ।

শিক্ষা বিভাগৰ এনে নিদের্শনাই পুনৰ শিক্ষক সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি, চৰকাৰে শিক্ষকসকলৰ ওপৰত এনেদৰে বোজা জাপি দি সমগ্ৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোকে অচল কৰি তোলিব বিচাৰিছে । ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষাৰ সমগ্ৰ ব্যৱস্থাটোকে লাহে লাহে কৰ্প'ৰেট খণ্ডৰ দৰে কৰিবলৈ গৈ আছে ।

লগতে পঢ়ক : APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.