ETV Bharat / bharat

উত্তৰ প্ৰদেশত পুনৰ দুজনৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছ (Zika Virus)ৰ অৱস্থিতি

author img

By

Published : Nov 12, 2021, 1:56 PM IST

উত্তৰ প্ৰদেশত জিকা ভাইৰাছ (Zika Virus)ৰ সংক্ৰমণ অব্যাহত আছে ৷ জিকা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ তৃতীয়খন জিলা হিচাপে পৰিগণিত হৈছে ৷

উত্তৰ প্ৰদেশত জিকা ভাইৰাচৰ সংক্ৰমণ অব্যাহত আছে
দেশত এতিয়া জিকা ভাইৰাচৰ আতংক

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত জিকা ভাইৰাছৰ (Zika Virus) পুনৰ দুটা নতুন ঘটনা পোহৰলৈ আহিছে ৷ উত্তৰ প্ৰদেশ চৰকাৰৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক প্ৰধান বেদব্ৰত সিঙে কয় যে, লক্ষ্ণৌৰ হুছেইনগঞ্জ আৰু এল ডি এ কলনিত জিকা ভাইৰাছৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে ৷

কানপুৰ জিলাৰ বৰ্ধিত জিকা ভাইৰাছৰ ঘটনাৰ ফলস্বৰূপেই উত্তৰ প্ৰদেশত জিকা ভাইৰাছ (Zika Virus)ৰ সংক্ৰমণ অব্যাহত আছে ৷ কানপুৰত সৰ্বাধিক 105 টা জিকা ভাইৰাছ সংক্ৰমণৰ বাতৰি পোৱা গৈছে ৷ কনৌজ জিলাতো এটা সংক্ৰমণৰ ঘটনা পোৱা গৈছে ৷ জিকা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ তৃতীয়খন জিলা হিচাপে পৰিগণিত হৈছে ৷

লক্ষ্ণৌৰ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয়ত ভাইৰাছ সংক্ৰমিত ব্যক্তি দুজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল আৰু বৃহস্পতিবাৰে এই পৰীক্ষাৰ ৰিজাল্ট আহে ৷ ৰিপ’ৰ্ট অনুসৰি দুয়োজন ব্যক্তি সুস্থ অৱস্থাত আছে আৰু কোনো ধৰণৰ লক্ষণ নাই ৷

লক্ষ্ণৌৰ Vector-Borne ৰোগ নিয়ন্ত্ৰণৰ চৰকাৰী ভাৰপ্ৰাপ্ত বিষয়া কে. পি. ত্ৰিপাঠী (K P Tripathi) য়ে কয়, "আমি নিকটসম্পৰ্কীয় সকলো মানুহৰে নমুনা সংগ্ৰহ কৰিছো আৰু তেওঁলোকৰ বাসগৃহসমূহ এণ্টি-লাৰ্ভা স্প্ৰে কৰাইছো ৷ ৰোগীসকলৰ ভিতৰত এজন হৈছে লক্ষ্ণৌৰ হুছেইনগঞ্জ অঞ্চলত বাস কৰা 30 বছৰীয়া ব্যক্তি আৰু আনগৰাকী হৈছে ৰাজ্যখনৰ ৰাজধানী কানপুৰ ৰোডৰ কৃষ্ণনগৰ অঞ্চলৰ এগৰাকী 24 বছৰীয়া মহিলা ৷ আমি দুয়োজন ৰোগীকে পৃথকে ৰাখিছো আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক ঘৰত থাকিবলৈ নিৰ্দেশ দিছো ৷ 50 মিটাৰ এলেকাৰ সকলো ওচৰ চুবুৰীয়াক জিকা ভাইৰাছ সম্পৰ্কে প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে অৱগত কৰোৱা হৈছে ৷ শুকুৰবাৰে, আমি 100 মিটাৰ দূৰত্বত থকা লোকসকলৰ পৰীক্ষা কৰিম ৷"

উত্তৰ প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী জয় প্ৰতাপ সিঙে মন্তব্য কৰে যে, জিকা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱা হৈছে ৷ সংক্ৰমণৰ মুখ্য কাৰণ হিচাপে তেখেতে কানপুৰৰ চাকেৰী এয়াৰবেচৰ প্ৰথমটো ঘটনাৰ কথা উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, সেই ঘটনাটোৰ লগত সংস্পৰ্শলৈ অহা প্ৰতিজন লোকেই এই ৰোগত আক্ৰান্ত হৈছিল ৷

জিকা ভাইৰাছৰ লক্ষণসমূহৰ ভিতৰত মৃদু জ্বৰ, চোকোৰা পৰা, পেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ ইত্যাদি ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ডেংগু আৰু চিকুনগুনিয়া বিয়পোৱা এডিছ ম’হৰ কামোৰতে জিকা ভাইৰাছ সংক্ৰমিত হয় ৷ এইবিধ মহে বেছিভাগ দিনত কামোৰে ৷ জিকা ভাইৰাছৰ সংক্ৰমণ বেছিভাগ লোকৰ মাজত এক গুৰুতৰ সমস্যা নহয়, কিন্তু ই গৰ্ভৱতী মহিলাৰ বাবে, আৰু বিশেষকৈ নৱজাতক শিশুৰ বাবে অত্যন্ত বিপদজনক হ'ব পাৰে ৷

লগতে চাওক : বিশ্ব নিমোনিয়া দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.