ETV Bharat / health

ডায়েবেটিছ, মেদবহুলতাকে ধৰি ৫৬ শতাংশ ৰোগৰ মূল কাৰণ অস্বাস্থ্যকৰ খাদ্য - ICMR

Unhealthy Diet: আইচিএমআৰৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি ৫৪.৬ ৰোগেই অস্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ ফলত হয় ৷ এই প্ৰতিবেদনতে আইচিএমআৰয়ে অত্যাৱশ্যকীয় পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ, মেদবহুলতা আৰু ডায়েবেটিচৰ দৰে ৰোগ পৰিহাৰ কৰিবলৈ ১৭ প্ৰকাৰৰ আহাৰ গ্ৰহণ সম্পৰ্কে জাৰি কৰিছে নিৰ্দেশনা ৷

According to the ICMR, Unhealthy diet is responsible for 56 percent of diseases
ডায়েবেটিছ, মেদবহুলতাকে ধৰি ৫৬ শতাংশ ৰোগৰ মূল কাৰণ অস্বাস্থ্যকৰ খাদ্য (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : June 14, 2024 at 7:01 PM IST

2 Min Read
Choose ETV Bharat

ভাৰতত বহুলোকে দৈনন্দিন বিভিন্ন ধৰণৰ বস্তুৱেই খায় ইয়াৰ মাজতে কিছুমানে সুষম আহাৰ গ্ৰহণ কৰে আন কিছুমানে আকৌ ফাষ্ট ফুড বাহিৰত তৈয়াৰ কৰা খাদ্য খাবলৈ ভাল পায় ৷ বৰ্তমানৰ জীৱনশৈলী তথা অস্বাস্থ্যকৰ খাদ্যপ্ৰণালীৰ ফলত এনেকুৱা হৈ পৰিছে যে মানুহ আৰু দিনক দিনে ৰুগীয়া হৈ গৈ আছে ৷

ভাৰতত ৫৪.৬ ৰোগেই অস্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ ফলত হয় শুনি নিশ্চয় আচৰিত লাগিছে নহয়নে! কিন্তু এয়া আমি কোৱা কথা নহয় শেহতীয়াকৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আইচিএমআৰৰ এক প্ৰতিবেদনত আচৰিত তথ্য পোহৰলৈ আহিছে ৷

এই প্ৰতিবেদনৰ মতে, ভাৰতত ৫৪.৬ শতাংশ ৰোগেই অস্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ ফলত হয় ৷ এই প্ৰতিবেদনতে আইচিএমআৰয়ে অত্যাৱশ্যকীয় পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ, মেদবহুলতা আৰু ডায়েবেটিচৰ দৰে ৰোগ পৰিহাৰ কৰিবলৈ ১৭ প্ৰকাৰৰ আহাৰ গ্ৰহণ সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে ৷

লগতে পঢ়ক: আপোনাৰো চাহ প্ৰিয় নেকি ? সত্যটো জনাৰ পিচত আপুনি ভাবিব চাহত চুমুক দিয়াৰ কথা - ICMR on milk tea

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ অধীনত ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠান (এনআইএন)ৰ মতে, পুষ্টিসমৃদ্ধ আহাৰ খোৱাটোৱে কাৰ্ডিওভাস্কুলাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ ৰোধ কৰিব পাৰে ৷ স্বাস্থ্যকৰ জীৱনশৈলীয়ে ৰোধ কৰিব পাৰে অকাল মৃত্যু ৷ এনে পৰিস্থিতিত, স্বাস্থ্যকৰ জীৱন শৈলী অনুকৰণ কৰিবৰ বাবে কম নিমখ, কম চেনি, কম তেল, কম চৰ্বিজাতীয় খাদ্য খোৱা তথা দৈনিক সঠিক ব্যায়াম কৰাটো খুবেই প্ৰয়োজন ৷

তদুপৰি, আইচিএমআৰ-এনআইএনৰ সঞ্চালক ড৹ হেমলতা আৰ-ৰ নেতৃত্বত বিশেষজ্ঞসকলৰ এক বহুমুখী সমিতিয়ে 'ভাৰতীয়সকলৰ বাবে আহাৰ নিৰ্দেশনা' প্ৰস্তুত কৰিছে আৰু ইয়াৰ বিভিন্ন বৈজ্ঞানিক পৰ্যালোচনাও কৰিছে ৷ ইয়াত ১৭ প্ৰকাৰৰ খাদ্য অন্তৰ্ভুক্ত কৰা হৈছে ৷

নিৰ্দেশনাৱলীত কোৱা হৈছে যে এক সন্তুলিত আহাৰত ৪৫ শতাংশতকৈ অধিক কেলৰি থাকিব নালাগে ৷ একেদৰে, ইয়াত মাহজাতীয় শস্য, বীন আৰু মাংসৰ পৰা আমি ১৫ শতাংশলৈকে কেলৰি গ্ৰহণ কৰিব পাৰো ৷ বাকী কেলৰি প্ৰাপ্ত কৰিবলৈ শুকান ফল, পাচলি, ফল আৰু গাখীৰ খাবলৈ সঞ্চালক গৰাকীয়ে পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক: ‘ছাইলেন্ট কিলাৰ’ৰ কবলত 20 কোটি ভাৰতীয় : ICMR এ দিলে প্ৰতিবেদন - Hypertension