ETV Bharat / state

ডি এন এ ৰিপ’ৰ্টতহে ধৰা পৰিব অৱশিষ্টখিনি কাৰ ! ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যা সন্দৰ্ভত ডিজিপিৰ প্ৰতিক্ৰিয়া - DHAKUAKHANA MURDER CASE

Murder in Lakhimpur: ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দোষী এতিয়াও চিনাক্ত হোৱা নাই ৷ তদন্ত চলি আছে যদিও ভেদ হোৱা নাই ঘটনাৰ ৰহস্য ৷ ইয়াৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধানে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷

MYSTERIOUS DEATH IN LAKHIMPUR
DHAKUAKHANA MURDER CASE (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 14, 2024 at 7:34 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 15 জুন : আজিও ৰহস্য ভেদ হোৱা নাই ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৷ এই নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ ইতিমধ্যে এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে ৷ ইয়াৰ মাজতে এই হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

ঢকুৱাখনা হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, ঢকুৱাখনাৰ হত্যাকাণ্ডৰ শৰীৰৰ যিসমূহ অৱশিষ্ট পোৱা গৈছিল ইয়াৰ নমুনা ডি এন এ (DNA) ৰ বাবে হায়দৰাবাদস্থিত CDRP লৈ সাত দিন পূৰ্বে পঠোৱা হৈছে ৷ ডি এন এ ৰিপৰ্ট নহালৈ সেই অৱশিষ্টখিনি কাৰ হয় ক’ব নোৱাৰি ৷ অহা সপ্তাহত ৰিপ'ৰ্ট পোৱাৰ পিচত তদন্ত আৰু আগবাঢ়িব ৷ বাকী তদন্ত আগবাঢ়ি আছে ৷ বহু তথ্য তদন্তকাৰী দলে ইতিমধ্যে লাভ কৰিছে ৷ ডি এন এৰ ৰিপ'ৰ্ট নহাৰ ফলত তদন্তত অলপ অসুবিধা হৈছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur

উল্লেখ্য যে, কেইদিনমান পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাস্থলী পৰিদৰ্শন কৰি সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় ৷ মৃত সুনীল গগৈৰ পত্নী, পুত্ৰ-কন্যা আৰু আত্মীয়-স্বজনৰ দুখৰ সমভাগী হৈ মত বিনিময় কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ এয়া স্পৰ্শকাতৰ আৰু গুৰুতৰ ঘটনা বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ ফৰেনচিক এক্সপাৰ্ট এডভাইজাৰে ঘটনাৰ তদন্ত কৰিব বুলিও জানিবলৈ দিছিল আৰু হত্যাকাণ্ড সন্দৰ্ভত তদন্তৰ বাবে এছ আই টি গোট খুলিবলৈ নিৰ্দেশ দিছিল শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷

চলিত মাহৰ দুই জুনত লখিমপুৰ জিলাক এক জঘন্য ঘটনাই জোকাৰি গৈছিল ৷ জিলাখনৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিশা আততায়ীয়ে ডিঙি কাটি জ্বলাই দিছিল বিজেপিৰ ঢকুৱাখনা মণ্ডলৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক ৷ পহিলা জুনৰ সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱা গগৈক পিচদিনা ঘৰৰ ওচৰৰে চোমনিত অৰ্ধদগ্ধ আৰু মুণ্ডহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ এই ঘটনাক পৰিয়াল তথা স্থানীয় লোকে পৰিকল্পিত হত্যা বুলি অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক : অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : নিৰৱচ্ছিন্ন তদন্ত অব্যাহত আৰক্ষী-ফৰেনছিক দলৰ - DHAKUAKHANA MURDER