ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 5, 2022, 1:12 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

False blood report in Lab : দুবছৰৰ ভিতৰতে একেজন ব্যক্তিৰ সলনি হ’ল তেজৰ গ্ৰুপ

ৰোগীৰ জীৱনক লৈ চূড়ান্ত হেতালী নগাঁৱৰ একাংশ ব্যক্তিগত পৰীক্ষাগাৰৰ । নগাঁৱৰ একাংশ পৰীক্ষাগাৰৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফলত বিপদাপন্ন ৰোগীৰ জীৱন । চিকিৎসকৰ কমিচনৰ বাবেই ৰোগীৰ পৰা অধিক হাৰত ধন আদায়ৰ অভিযোগ একাংশ পৰীক্ষাগাৰৰ বিৰুদ্ধে (Allegation of medical negligence in Nagaon) । দুটা বছৰত একেজন ব্যক্তিৰেই ব্লাড সলনি কৰি দিয়াৰ অভিযোগ নগাঁৱৰ এটা পৰীক্ষাগাৰৰ বিৰুদ্ধে ।

Yaba tablets seized at Sonapur: কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Anti drugs operation in Assam) ৷ এইবাৰ সোণাপুৰৰ টোল গেটত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ আৰু সোণাপুৰ আৰক্ষীৰ নেতৃত্বত চলা অভিযানত জব্দ প্ৰায় ১৫ কৌটি টকাৰ য়াবা টেবলেট (Yaba tablets seized at Sonapur) ৷ লগতে আটক মনিপুৰৰ থাম্বল গাঁৱৰ আজমল খান (৩০) নামৰ এজন লোক ৷

Bhupen Hazarika death anniversary : তেজপুৰত পালন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী

ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (Bhupen Hazarika death anniversary observed in Tezpur)। তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-নৃত্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

Erosion in Hailakandi: হাইলাকান্দিৰ কাটাখল নৈৰ ভয়াৱহ খহনীয়াত জাহ গৈছে বাসগৃহ

ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ (Massive erosion in Assam)। ইতিমধ্য়ে প্ৰৱল খহনীয়াত জাহ গৈছে ঘৰ-ভেটি আৰু শিক্ষানুস্থান । বিভিন্ন জিলাৰ লগতে হাইলাকান্দিতো নৈ উপ-নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা ভূমি ।

Thieves terror at Rangia : ৰঙিয়াত চিলনী চোৰৰ সন্ত্ৰাস

ৰাজ্যত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এইবাৰ ৰঙিয়াত চিলনী চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Thieves terror at Rangia)৷ জানিব পৰা মতে, শুক্ৰবাৰে ৰঙিয়াৰ চিৰাখুন্দিৰ ১০ নং ৱাৰ্ডৰ পাৱাৰ হাউচ চ’কত এজন পথচাৰীয়ে ম’বাইলত কথা পাতি গৈ আছিল ৷ তেনে সময়তে চিলনী চোৰে কাঢ়ি লৈ যায় পথচাৰীগৰাকীৰ ম’বাইল (Thieves Stole mobile at Rangia) ৷

Illegal Excavation at Dikhowmukh : অবৈধভাৱে ভূমি খননক লৈ দিখৌমুখত নিশা উত্তপ্ত পৰিস্থিতি

অবৈধভাৱে ভূমি খননৰ পাছত মথাউৰিৰ ক্ষতিসাধন হোৱাক লৈ শুকুৰবাৰে নিশা উত্তপ্ত হৈ পৰে শিৱসাগৰৰ দিখৌমুখ (Illegal Excavation at Dikhowmukh)৷ অঞ্চলটোৰ শতাধিক ৰাইজ একত্ৰিত হৈ নিশা মাটি কঢ়িওৱা বহুকেইখন বাহনো জব্দ কৰে ৷

Operation against drugs: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ পাছতো নাকী লগাবলৈ সক্ষম হোলা নাই বহু অপৰাধীক (Assam Police operation against Drugs smuggler) ৷ আৰক্ষীৰ চকুত ধূলি দি বহু অপৰাধীয়ে বৰ্তমানেও চলাই গৈছে অনৈতিক কাৰ্য ৷ ইয়াৰ মাজতে চামগুৰিৰ বাজিয়াগাঁৱৰ পৰা চামগুৰি আৰক্ষীয়ে আটক কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷

Minor Girl Suicide Case: দুলীয়াজানত বনকৰা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ

দুলীয়াজানত বনকৰা কিশোৰী হত্যাৰ তীব্ৰ প্ৰতিবাদ ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্ত শিক্ষক চেনীৰাম দাসক উচিত শাস্তি প্ৰদানৰ দাবীত আদিবাসী মহিলাৰ প্ৰতিবাদ (Adivasi women protest at Duliajan)৷

DAC Election 2022: নাওবৈচাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি সভাপতি ভৱেশ কলিতা-মন্ত্ৰী পীযুষ হাজৰিকা

সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লখিমপুৰৰ নাওবৈচাত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ (DAC Election 2022)। শুকুবাৰে নাওবৈচাৰ ২১ নং গাভৰু টুনিজান সমষ্ঠিৰ পদ্মপুৰ গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Naoboicha)।

Body found in Janji river: আমগুৰিৰ জাঁজী নৈত মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰিৰ জাঁজী নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ (Body found in Janji river in Amguri)। উদ্ধাৰ হোৱা মৃতদেহটো মনোজ বাউৰীৰ বুলি চিনাক্ত কৰা হৈছে । লোকজনৰ ঘৰ যোৰহাটৰ চেলেংহাট গড়চুকত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.