ETV Bharat / state

False blood report in Lab : দুবছৰৰ ভিতৰতে একেজন ব্যক্তিৰ সলনি হ’ল তেজৰ গ্ৰুপ

author img

By

Published : Nov 5, 2022, 12:39 PM IST

Updated : Nov 5, 2022, 1:50 PM IST

ৰোগীৰ জীৱনক লৈ চূড়ান্ত হেতালী নগাঁৱৰ একাংশ ব্যক্তিগত পৰীক্ষাগাৰৰ । নগাঁৱৰ একাংশ পৰীক্ষাগাৰৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফলত বিপদাপন্ন ৰোগীৰ জীৱন । চিকিৎসকৰ কমিচনৰ বাবেই ৰোগীৰ পৰা অধিক হাৰত ধন আদায়ৰ অভিযোগ একাংশ পৰীক্ষাগাৰৰ বিৰুদ্ধে (Allegation of medical negligence in Nagaon) । দুটা বছৰত একেজন ব্যক্তিৰেই ব্লাড সলনি কৰি দিয়াৰ অভিযোগ নগাঁৱৰ এটা পৰীক্ষাগাৰৰ বিৰুদ্ধে ।

False blood report in Lab
দুবছৰৰ ভিতৰতে একেজন ব্যক্তিৰ সলনি হ’ল তেজৰ গ্ৰুপ

নগাঁও, 5 নৱেম্বৰ : নগাঁৱত অব্যাহত চিকিৎসাখণ্ডৰ একাংশ ব্যক্তিগত পৰীক্ষাগাৰৰ দৌৰাত্ম্য ৷ স্বাস্থ্য পৰীক্ষাৰ নামত ৰোগীৰ জীৱনক লৈ চূড়ান্ত হেতালি একাংশ পৰীক্ষাগাৰৰ (Allegation of medical negligence in Nagaon) ৷ স্বাস্থ্য পৰীক্ষাৰ ভুল ফলাফলত বিপদাপন্ন ৰোগীৰ জীৱন (False blood report in Lab) ৷ নগাঁৱৰ পৰীক্ষাগাৰৰ ফলাফলে সলনি কৰিব পাৰে একেজন ব্যক্তিৰ ব্লাড গ্ৰুপ ৷

হয়, আপুনি বিশ্বাস নকৰিলেও এনে এক আজব ঘটনাই সংঘটিত হৈছে খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত । ঘটনাৰ বিৱৰণি অনুসৰি, নগাঁৱৰ পুৰণিগুদামৰ দিবাংকৰ বৰা নামৰ এজন যুৱকে মাত্ৰ দুটা বছৰ পূৰ্বে অৰ্থাৎ 2020 চনৰ নৱেম্বৰ মাহত তেজ পৰীক্ষা কৰিছিল ৷ নগাঁও চহৰৰ শৰ্মা এক্সৰে ক্লিনিক এণ্ড লেব নামৰ পৰীক্ষাগাৰত কৰা তেজ পৰীক্ষাৰ ৰিপ'ৰ্ট অনুসৰি, যুৱকজনৰ তেজৰ গ্ৰুপ B+ বুলি উল্লেখ কৰিছে অতি স্পষ্টকৈ ।

কিন্তু এইবাৰ আপুনি আচৰিত হ’ব পৰীক্ষাগাৰৰ আন এটা ৰিপ'ৰ্ট দেখাৰ পিছতেই ।

দুবছৰৰ ভিতৰতে একেজন ব্যক্তিৰ সলনি হ’ল তেজৰ গ্ৰুপ

যুৱক একেজন, লেবেৰটৰীও একেটাই । কিন্তু এইবাৰ তেজ পৰীক্ষাৰ ফলাফলহে বেলেগ । পুৰণিগুদামৰ দিবাংকৰ বৰা নামৰ একেজন যুৱকেই পুনৰ 2022 চনত কৰা তেজ পৰীক্ষাৰ ফলাফলত উল্লেখ কৰা হৈছে ব্লাড গ্ৰুপ A+ বুলিহে । অৰ্থাৎ মাত্ৰ দুটা বছৰৰ ভিতৰতে সলনি হ’ল ব্লাড গ্ৰুপ । যাক লৈ এতিয়া চিন্তিত যুৱকজনৰ লগতে পৰিয়ালৰ লোক (Manipulation of patients lives in Nagaon) ৷

একেজন ব্যক্তিৰ ব্লাড গ্ৰুপ সলনি কৰি পেলোৱাৰ দৰে ভয়ংকৰ ঘটনা যে নগাঁৱৰ পৰীক্ষাগাৰৰ বাবে সম্ভৱ হয় সেই কথাটোয়েই যেন প্ৰমাণিত হ'ল দিবাংকৰ বৰা নামৰ যুৱকজনৰ তেজ পৰীক্ষাৰ ফলাফলত । এনে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিবলৈও যেন কুণ্ঠাবোধ নকৰিলে শৰ্মা এক্সৰে ক্লিনিক এণ্ড লেব নামৰ পৰীক্ষাগাৰটোৱে ।

ৰাজ্যৰ খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাতেই এতিয়া স্বাস্থ্য পৰীক্ষাৰ নামত চলিছে কেৱল অনিয়ম আৰু লুণ্ঠনৰাজ । চিকিৎসকক বৃহৎ কমিচন দিয়াৰ বাবেই ৰোগীৰ পৰা অধিক হাৰত ধন লৈ এখন বজাৰ চলাই আহিছে একাংশ পৰীক্ষাগাৰে। নগাঁৱৰ একাংশ পৰীক্ষাগাৰৰ বিৰুদ্ধে প্ৰায়েই স্বাস্থ্য পৰীক্ষাৰ ভুল তথ্য দিয়াৰ অভিযোগ বহু দিনৰ পৰাই উত্থাপন হৈ আহিছে ।

উল্লেখ্য যে, স্বাস্থ্য পৰীক্ষা কৰি এগৰাকী ব্যক্তিক কৰ্কট ৰোগী সজোৱাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰো অভিযোগ আছে নগাঁৱৰ আন এটা পৰীক্ষাগাৰৰ বিৰুদ্ধে । এতিয়া আপুনিয়েই ভাৱক কেৱল ধনৰ বাবেই কিমান নিকৃষ্ট কাণ্ড সংঘটিত কৰিব পাৰে নগাঁৱৰ একাংশ পৰীক্ষাগাৰে ।

এনে বহু ভয়ংকৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছতো এনে একাংশ পৰীক্ষাগাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ নগাঁৱৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে । একাংশ পৰীক্ষাগাৰৰ এনে দৌৰাত্ম্য অব্যাহত থকাৰ পিছতো স্বাস্থ্য বিভাগৰ নীৰৱতাক লৈ বিভিন্নজনে উত্থাপন কৰিছে নানা প্ৰশ্নৰ ।

এতিয়া প্ৰশ্ন হয়, সাধাৰণ ৰোগীৰ জীৱনৰ স্বাৰ্থত এনে পৰীক্ষাগাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে মন্ত্ৰী কেশৱ মহন্ত ?

লগতে পঢ়ক : Death anniversary of Bhupen Hazarika : আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

Last Updated : Nov 5, 2022, 1:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.