ETV Bharat / state

Death anniversary of Bhupen Hazarika : আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

author img

By

Published : Nov 5, 2022, 8:14 AM IST

Updated : Nov 5, 2022, 2:15 PM IST

‘‘কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে । কলিয়াবৰ মোৰ অতি আপোন ঠাই । কলিয়াভোমোৰা দলং হোৱাৰ আগতেও তেজপুৰৰ পৰা আমি কলিয়াবৰত জলপান খাই 1928 চনীয়া ফৰ্ড গাড়ীত উঠি নাজিৰালৈ যাওঁ’’ । এয়া যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নিজস্ব ভাষ্য ৷ ৰাজ্যবাসীৰ লগতে কলিয়াবৰবাসীয়ে সোঁৱৰিছে ভাৰতৰত্ন সুধাকণ্ঠক ড৹ ভূপেন হাজৰিকাক (11th death anniversary of Bhupen Hazarika) ৷

Death anniversary of Bhupen Hazarika
আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

কলিয়াবৰ, 5 নৱেম্বৰ : ‘‘কাজিৰঙা মোৰ সেউজ সপোন ৷ আপোন কঁহৰা বাগৰি ৷ সীমাৰ লুইত আৰু ডিফলু আপোন ৷ আপোন মৰমী কুঠৰী । মোৰ কাজিৰঙাখনি অনন্য ।’’

আজি ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (11th death anniversary of Bhupen Hazarika) ৷ ৰাজ্যবাসীৰ লগতে কলিয়াবৰবাসীয়েও আজি স্মৰণ কৰিছে ‘‘এইখন কলিয়াবৰ’’ শীৰ্ষক গীতেৰে কলিয়াবৰৰ মহিমা প্ৰচাৰ কৰা সংগীত সূৰ্যক যাযাবৰী শিল্পীগৰাকীক ৷ কিয়নো কলিয়াবৰৰ সৈতে ভূপেন দাৰ আছে চিৰযুগমীয়া এক স্মৃতি ৷ যাযাবৰী শিল্পীগৰাকীৰ বাবে কলিয়াবৰ বৰ আপোন ঠাই ৷

আনকি বহু কালজয়ী গীতৰ সাক্ষী কুঠৰীৰ ভূপেন দাৰ বাসগৃহটি ৷

দিনটো আছিল 29 জানুৱাৰী, 1998 চন । Glimpses of the Misty East শীৰ্ষক ধাৰাবাহিকৰ চিত্ৰগ্ৰহণ কৰি আহি একেই উদ্দেশ্যৰে ভূপেন হাজৰিকা কলিয়াবৰৰ ভঁৰালী নামঘৰত উপস্থিত হৈছিলহি । ইতিপূৰ্বে কেইবাবছৰো কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান মঞ্চৰ উদ্যোগত চলি থকা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিষয়ে তেখেতক কৰ্ম-কৰ্তাসকলে অৱগত কৰে আৰু নিমন্ত্ৰণো কৰে ।

আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

তেখেতে নিমন্ত্ৰণ ৰক্ষাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও বিভিন্ন ব্যস্ততাৰ বাবে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উপস্থিত হ’ব পৰা নাছিল । কিন্তু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ বাবে 2002 চনত ভূপেন দাই তেখেতৰ পিতৃ আৰু মাতৃৰ স্মৃতিত ‘‘নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা সোঁৱৰণী বঁটা’’ আগবঢ়াইছিল ।

অৱশ্যে এবাৰ প্ৰতিযোগিতাত উপস্থিত হৈ প্ৰতিযোগী আৰু উদ্যোক্তাক আশীৰ্বাদ প্ৰদান কৰিছিল । সম্ভৱত, স্বয়ং ড৹ ভূপেন হাজৰিকাই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এইটোৱেই একমাত্ৰ বঁটা । যোৱা ভালেমান বছৰ ধৰি মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিত আয়োজিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই ।

সংগীত সূৰ্য, সুধাকণ্ঠগৰাকীৰ অনুগামীসকলে প্ৰতিযোগিতাখনি পুনৰ অনুষ্ঠিত কৰাতো আন্তৰিকতাৰে বাঞ্চা কৰে । সেই সময়তেই ভূপেনদাৰ একান্ত অনুগামী বুলি কলিয়াবৰত খ্যাতি থকা সাংস্কৃতিক কৰ্মী ৰঞ্জিত ভট্টাচাৰ্যই প্ৰতিষ্ঠা কৰা 'সংযোগ' নামৰ এটি অনুষ্ঠানৰ হৈ ‘‘এইখন কলিয়াবৰ’’ শীৰ্ষক এটি গীতত কণ্ঠদান কৰাৰ অনুৰোধ ৰক্ষা কৰাৰ কথা দিয়ে ।

ভূপেনদাই কথা দিয়া ধৰণেই কেছেটটিত কণ্ঠদান কৰিছিল । ‘‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’’ নামৰ কেছেটত উল্লেখিত গীতটিত কণ্ঠদান কৰাৰ ওপৰিও আন কেইবাটাও গীততো কণ্ঠদান কৰিছিল । তেখেতৰ গীত হিচাপে শেষৰ ফালৰ ৰচনা কেছেটটিত সন্নিৱিষ্ট হৈছিল আৰু কেছেটৰ নামকৰণো সেই গীতটিৰেই হৈছিল ।

সাহিত্যিক পেঞ্চনাৰ তথা শিক্ষক কুসুম বৰাই ৰচনা কৰা আৰু শিল্পী পেঞ্চনাৰ কণ্ঠশিল্পী-সুৰকাৰ যোগেন বৰদলৈয়ে সুৰাৰোপিত কৰা ‘‘এইখন কলিয়াবৰ’’ শীৰ্ষক গীতটিত কণ্ঠদান কৰি কলিয়াবৰক ধন্য কৰিছিল । উজনি-নামনিৰ মধ্যমণি কলিয়াবৰৰ কুঠৰী বাসগৃহত এখন্তেক ৰৈ সুধাকন্ঠই সংস্কৃতিৰ বীজ সিচি প্ৰাণ দিছিল কলিয়াবৰক ।

অৱশ্যে ভূপেনদাৰ ঘৰটো লৈ কৰা ভূপেনদাৰ আশা এতিয়া সকলোৰে পাহৰণিৰ গৰ্ভত । সেয়ে অসম চৰকাৰ তথা দায়িত্বত থকা বিভাগীয় মূৰব্বীক এই ক্ষেত্ৰত বিশেষ নজৰ দিবলৈ কলিয়াবৰবাসীয়ে দাবী জনাইছে ৷

লগতে পঢ়ক : Bhola Kataki is no more: ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহস্বৰূপ ভোলা কটকী আৰু নাই

Last Updated : Nov 5, 2022, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.