ETV Bharat / state

Bhola Kataki is no more: ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহস্বৰূপ ভোলা কটকী আৰু নাই

author img

By

Published : Nov 4, 2022, 5:06 PM IST

Updated : Nov 4, 2022, 10:22 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা ভোলা কটকীয়ে(Gauhati Medical College and Hospital) ৷ বিগত ১৭ দিন ধৰি চিকিৎসাধীন হৈ আছিল প্ৰবীণ অভিনেতাগৰাকী ৷

Bhola kataki is no mora
ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহস্বৰূপ ভোলা কটকী আৰু নাই

তেজপুৰ/গুৱাহাটী, ৪ নৱেম্বৰ: নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক(Natasurya Phani Sharma Award) প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা ভোলা কটকী আৰু নাই (Bhola kataki is no more) ৷ শুকুৰবাৰে বিয়লি ২-১৫ বজাত অসমৰ বিশিষ্ট অভিনেতাগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইহলীলা সম্বৰণ কৰে(Gauhati Medical College and Hospital) । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ । বিগত কিছুদিনৰ পৰা তেওঁ বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

ভোলা কটকীৰ পুত্ৰ আৰু সমাজকৰ্মী

১৯৩২ চনত শোণিতপুৰৰ জামুগুৰিহাটৰ সংগীয়া মাজৰচুক গাঁৱত ভোলা কটকীৰ জন্ম হৈছিল । তেওঁ সুৰদেৱী থিয়েটাৰত চম্বলৰ অভিশাপ নাটকত "কেপ্তেইন চফ্লে", জেৰেঙাৰ সতী নাটকত "লালুকসোলা", শকুনিৰ প্ৰতিশোধ নাটকত "শকুনি", শৰাইঘাট নাটকত "লাচিত বৰফুকন", মিৰি জীয়ৰী নাটকত "তামেদ", ভোগজৰা নাটকত "টিপমীয়া", কিয় নাটকত "প্ৰদীপ", চিৰাজ নাটকত "কন্দৰ্প", ৰূপালীম নাটকত "মণিমুগ্ধ", মণিৰাম দেৱান নাটকত "মিলচাহাব, "সতি বেউলা নাটকত "সদাগৰ"ৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ মন জিনিছিল ।

ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহস্বৰূপ ভোলা কটকীৰ মৃত্যুৰ পূৰ্বৰ এক সাক্ষাৎকাৰ

ভোলা কটকী ১৯৬৩ চনৰ পৰা ১৯৮৭ চনলৈকে প্ৰায় ২৫ বছৰ একেৰাহে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত আছিল ৷ তেওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পৰা লাভ কৰিছিল অনুপ্ৰেৰণা । শোণিতকোঁৱৰ গজেন বৰুৱাৰ সান্নিধ্য লাভ কৰা ভোলা কটকীয়ে নাট্যজগত আৰু বোলছবিত কৰি গৈছিল মন পৰশা অভিনয় । বিশিষ্ট অভিনেতাগৰাকীয়ে বৰেণ্য গণশিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্য লাভ কৰিছিল । হেমাংগ বিশ্বাসৰ উৎসাহ-প্ৰেৰণাতে 'বিভ্ৰাট' একাংকিকাখনিৰ বাবে তেওঁ দিল্লী যাত্ৰা কৰিছিল । দিল্লী যুৱ মহোৎসৱত(১৯৫৬) প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ নাটকত শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠা অভিনেত্রী (ৰাণী বৰুৱা) পদক অৰ্জন কৰে ।

Bhola Kataki is no more
ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহস্বৰূপ ভোলা কটকী আৰু নাই

এই বিজয় যাত্ৰাত আহ্লাদিত হৈ ড০ মহেশ্বৰ নেওগে ভোলা কটকীলৈ লিখিছিল, "সৰ্বভাৰতীয় খ্যাতি অকল তোমাৰেই নহয়, ই অসমীয়া জাতিৰ গৌৰৱ । গৌৰৱৰ বাটকটীয়া হিচাপে তোমাৰ সু-ভৱিষ্যত কামনা কৰিলোঁ" ৷ ভ্ৰাম্যমাণৰ লগতে তেওঁ চলচ্চিত্র জগততো সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । ভবেন্দ্ৰ নাথ শইকীয়াৰ "অনিৰ্বাণ"ৰ ৰজনী মাষ্টৰৰ চৰিত্ৰত অভিনয় কৰি কটকীয়ে সকলোৰে হৃদয় স্পৰ্শ কৰি নিগাজী আসন দখল কৰিবলৈ সক্ষম হৈছিল । অসমৰ বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনত গভীৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : Howly Raas Mahotsav: এটা লটাৰী টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাওপৰা

Last Updated : Nov 4, 2022, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.