Erosion in Hailakandi: হাইলাকান্দিৰ কাটাখল নৈৰ ভয়াৱহ খহনীয়াত জাহ গৈছে বাসগৃহ

By

Published : Nov 5, 2022, 11:49 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ (Massive erosion in Assam)। ইতিমধ্য়ে প্ৰৱল খহনীয়াত জাহ গৈছে ঘৰ-ভেটি আৰু শিক্ষানুস্থান । বিভিন্ন জিলাৰ লগতে হাইলাকান্দিতো নৈ উপ-নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা ভূমি । জিলাখনৰ মোহনপুৰ গাঁৱত বানৰ পিছত কাটাখল নৈয়ে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছে (Terrible erosion in Katakhal river) । নিতৌ নদীৰ বুকুত জাহ গৈ আছে নৈপৰীয়া বহুতো পৰিয়ালৰ ঘৰ । ইপিনে,খহনীয়াৰ আতংকত এই স্থান এৰি ২০টা পৰিয়ালে নিৰাপদ স্থানলৈ গৈছে । ইফালে খহনীয়াৰ ফলত প্ৰায় ৫০০ মিটাৰ পথ কাটাখল নদীৰ বুকুত জাহ গৈছে (Heavy erosion at Hailakandi)। প্ৰতি বছৰে বানৰ পিছত খহনীয়াৰ সৃষ্টি হয় যদিও এই স্থানত খহনীয় প্ৰতিৰোধ তথা মেৰামতি কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে ব্য়ৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ । সেয়েহে খহনীয়াগ্ৰস্ত ৰাইজে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.