ETV Bharat / state

Illegal Excavation at Dikhowmukh : অবৈধভাৱে ভূমি খননক লৈ দিখৌমুখত নিশা উত্তপ্ত পৰিস্থিতি

author img

By

Published : Nov 5, 2022, 12:29 PM IST

Illegal Excavation at Dikhowmukh
অবৈধভাৱে ভূমি খননক লৈ দিখৌমুখত নিশা উত্তপ্ত পৰিস্থিতি

অবৈধভাৱে ভূমি খননৰ পাছত মথাউৰিৰ ক্ষতিসাধন হোৱাক লৈ শুকুৰবাৰে নিশা উত্তপ্ত হৈ পৰে শিৱসাগৰৰ দিখৌমুখ (Illegal Excavation at Dikhowmukh)৷ অঞ্চলটোৰ শতাধিক ৰাইজ একত্ৰিত হৈ নিশা মাটি কঢ়িওৱা বহুকেইখন বাহনো জব্দ কৰে ৷

আমগুৰি, ৫ নৱেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত দিখৌমুখ তেলীয়াডোঙাত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ(4 lane at Dikhowmukh) বাবে একাংশ বৃহৎ পুঁজিপতি ঠিকাদাৰে বিগত তিনিদিন ধৰি বান অধ্যুষিত অঞ্চল দিখৌমুখ তেলীয়াডোঙাৰ পৰা প্ৰশাসন তথা জিলা বন বিভাগৰ অনুমতি অবিহনে ব্ৰহ্মপুত্ৰৰ দাঁতিত খনন চলাই মাটি যোগান ধৰি আহিছিল (Illegal Excavation at Dikhowmukh)।

গধুৰ যান-বাহনেৰে মাটি সৰবৰাহ কৰাৰ ফলত মাত্ৰ তিনিদিনতে দিখৌমুখৰ বৃহৎ এটা অঞ্চলক বানৰ পৰা সুৰক্ষা প্ৰদান কৰি অহা মথাউৰিৰ বিভিন্ন অংশত বিস্তৰ ক্ষতি হয় (Brahmaputra embankment at Dikhowmukh)। যাৰ ফলত অঞ্চলটোৰ শতাধিক ৰাইজ একত্ৰিত হৈ নিশা মাটি সৰবৰাহ কৰা বাহনসমূহ আৱদ্ধ কৰাৰ উপৰিও অবৈধ খননৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে ।

অবৈধভাৱে ভূমি খননক লৈ দিখৌমুখত নিশা উত্তপ্ত পৰিস্থিতি

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জিলা প্ৰশাসন আৰু বন বিভাগৰ অনুমতি নোহোৱাকৈয়ে একাংশ ঠিকাদাৰে এক বৃহৎ অঞ্চলৰ ৰাইজক পনবন্দী কৰি অবৈধভাৱে মাটিৰ খননকাৰ্য চলাই আহিছিল । মথাউৰিটোৰ গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰিবলৈ ৰাইজে বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো ৰাইজক তেওঁলোকে ভাবুকিহে প্ৰদান কৰে ।

আশংকা কৰা মতে তিনিদিন ধৰি নিশা গধুৰ যান বাহন চলাচলৰ পাছতেই মথাউৰিৰ বিভিন্ন অংশত ফাঁট মেলে । ফলশ্ৰুতিত শুকুৰবাৰে নিশা স্থানীয় ৰাইজে মাটি কঢ়িওৱা বাহনসমূহ আৱদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে (Tense situation at Dikhowmukh)৷

কিছু সময় পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও ৰাইজে কোনোপধ্যেই দিখৌমুখৰ বানাক্ৰান্ত অঞ্চলৰ তেলীয়াডোঙা আৰু ৰূপহীমুখত খনন চলাবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদ সাব্যস্ত কৰাত বাহনসমূহ উভতাই নিবলৈ বাধ্য হয় ।

লগতে পঢ়ক : Minor Girl Suicide Case: দুলীয়াজানত বনকৰা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.