DAC Election 2022: নাওবৈচাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি সভাপতি ভৱেশ কলিতা-মন্ত্ৰী পীযুষ হাজৰিকা

By

Published : Nov 5, 2022, 8:44 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লখিমপুৰৰ নাওবৈচাত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ (DAC Election 2022)। শুকুবাৰে নাওবৈচাৰ ২১ নং গাভৰু টুনিজান সমষ্ঠিৰ পদ্মপুৰ গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Naoboicha)। নিৰ্বাচনী সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে(Assam BJP president Bhabesh Kalita) ৰাজ্য চৰকাৰে জনহিতাৰ্থে গ্ৰহণ কৰা অভিলাষী আচঁনিসমূহৰ বিষয়ে অৱগত কৰি বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে অসমৰ সামগ্ৰিক বিকাশ আৰু দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ(Deori Autonomous Council) অঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে বিজেপি দলৰ সমৰ্থীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ নিৰ্বাচনী সভাখনত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ(MLA Manab Deka) লগতে ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ জিলা সমিতি, নাওবৈচা আৰু কৰুণাবাৰী মণ্ডল সমিতিসমূহৰ বহু সংখ্যক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.