ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 21, 2022, 2:59 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Barshashree Buragohain Granted Bail: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক জামিন উচ্চ ন্যায়ালয়ৰ

চলিত বৰ্ষৰ মে’ মাহত কাৰাৰুদ্ধ হোৱা স্নাতক ছাত্ৰী বৰ্ষশ্ৰী বুঢ়াগোহাঁইক অৱশেষত জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে(Court granted bail to Barshasree Borgoghain) ৷

Pankaj Pathak Arrested: হাতীগাঁও থানাত জেৰা অব্যাহত পংকজ পাঠকৰ

চিকিৎসা শাস্ত্ৰৰ আচাৰ্য বুলি দাবী কৰি অহা পংকজ পাঠকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ সম্প্ৰতি গুৱাহা়টীৰ হাতীগাঁও থানাত পংকজ পাঠকৰ জেৰা অব্যাহত । সংবাদমাধ্যমে প্ৰৱেশ কৰিব নোৱাৰাকৈ গেট বন্ধ কৰি ৰাখিছে হাতীগাঁও আৰক্ষীয়ে ।

Child killing: শিৱসাগৰত বন শিশুক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনা

যি সময়ত শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে সেইসময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । শিৱসাগৰত এটি বনকৰা কন্যা শিশুক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে(Five-year-old child murdered in Sivsagar) । পাঁচ বছৰীয়া কন্যা শিশুটিক হত্য়া কৰাৰ অভিযোগত এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে শিৱসাগৰত ।

Gaurav Gogoi gives adjournment notice: লোকসভাত গৌৰৱ গগৈৰ সভাস্থগিত প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ (চিবিআই) দৰে অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয়ে আলোচনা কৰিবলৈ বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত সভাস্থগিত প্ৰস্তাৱৰ জাননী প্ৰদান কৰে (MP Gaurav Gogoi gave adjournment motion notice in Lok Sabha)।

Exclusive interview with Kurung Kurme DC: অৰুণাচলত অসমৰ 19 শ্ৰমিক সন্ধানহীন প্ৰসংগ: জিলা উপায়ুক্তৰে বিশেষ সাক্ষাৎকাৰ

অৰুণাচল প্ৰদেশৰ কুৰোঙ কুৰ্মে জিলাৰ ভাৰত-চীন সীমান্তৰ দামীনত Border Roadsৰ কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা শ্ৰমিকৰ সন্ধান উলিয়াবলৈ বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায় বিচাৰিলে কুৰোঙ কুৰ্মে জিলাৰ উপায়ুক্তই ।এই সন্দৰ্ভত কুৰোঙ কুৰ্মে জিলাৰ উপায়ুক্তৰ সৈতে ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ...

Presidential election result: আজি দেশে পাব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি

আজি প্ৰথমে সংসদ ভৱনত বিধায়কসকলৰ বেলটসমূহ গণনা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গণনা কৰা হ'ব সাংসদসকলৰ বেলটসমূহ (Presidential election result on today) ৷ একোজন সাংসদৰ ভোটৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে 700 কৈ ৷ আনহাতে, বিধায়কসকলৰ ভোটৰ মূল্য ৰাজ্যসমূহৰ জনসংখ্যা অনুসৰি সুকীয়া সুকীয়া হ'ব ৷

New President of Sri Lanka: শ্ৰীলংকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতি হিচাপে শপত ল'লে ৰণিল ৱিক্ৰমসিংঘেই

শপত ল'লে শ্ৰীলংকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতিয়ে ৷ ৰণিল ৱিক্ৰমসিংঘেই আজি শপত গ্ৰহণ কৰে দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ৷ দেশখনৰ ৰাজধানীস্থিত সংসদ ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ জয়ন্ত জয়াসূৰ্যই শপত বাক্য পাঠ কৰোৱায় শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীক ৷ কিছুদিন পূ্ৰ্বে এটা মেইলযোগে পূৰ্বৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাই প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ ৷

Bangladesh invite Assam CM: ড৹ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ আমন্ত্ৰণ

বাংলাদেশে অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ঢাকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে (Bangladesh invite assam CM DR Himanta Biswa Sarma)। মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰিছে এই কথা ।

Govt issued order on Covid: 9 ৰাজ্যলৈ কেন্দ্ৰৰ ক'ভিড সম্বন্ধীয় জৰুৰী নিৰ্দেশনা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেশৰ 9 খনকৈ ৰাজ্যলৈ জাৰি কৰিছে ক'ভিড সম্বন্ধীয় জৰুৰী নিৰ্দেশনা ৷ অসমৰ লগতে কেৰালা,পশ্চিম বংগ, তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, হিমাচল প্ৰদেশ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশলৈ মন্ত্ৰালয়ে ক'ভিড সম্বন্ধীয় সৰ্তকতামূলক নিৰ্দেশনা প্ৰদান কৰিছে ৷ RTPCR পৰীক্ষাবোৰ ৰাজ্য চৰকাৰসমূহে ক্ষীপ্ৰতাৰে কৰোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে (Health Ministry seeks rapid RT PCR tests) ৷

Liger trailer Hindi: মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Liger ৰ ট্ৰেইলাৰ

জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডাই বলীউডত কৰিবলৈ ওলাইছে এণ্ট্ৰি ৷ নৱাগতা অনন্যা পাণ্ডেৰ সৈতে তেওঁৰ প্ৰথমটি খোজ পৰিব বলীউডত ৷ ঘোষণা হোৱাৰ পৰাই চৰ্চাত থকা ছবি Liger ৰ ট্ৰেইলাৰে আজি লাভ কৰিলে শুভ মুক্তি (Liger trailer) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.