ETV Bharat / state

Barshashree Buragohain Granted Bail: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক জামিন উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jul 21, 2022, 2:21 PM IST

Updated : Jul 21, 2022, 3:19 PM IST

চলিত বৰ্ষৰ মে’ মাহত কাৰাৰুদ্ধ হোৱা স্নাতক ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক অৱশেষত জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে(Court granted bail to Barshasree Borgoghain) ৷

court-granted-bail-to-barshasree-borgoghain-arrested-in-writting-poem
বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক জামিন উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, 20 জুলাই : অৱশেষত কাৰাগাৰৰ বন্ধ কোঠালিৰ পৰা মুকলি আকাশলৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ । বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আৱেদন মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ । আদালতৰ নিৰ্দেশনাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই সকলো যাৱতীয় কাম সম্পন্ন কৰাৰ পিছত বৃহস্পতিবাৰে নাইবা শুকুৰবাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হ'ব(Barshashree Buragohain Granted Bai) ।

উল্লেখ্য যে, এটা বিতৰ্কিত ফেচবুক প'ষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এইগৰাকী ছাত্ৰীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । টীয়কৰ এজাৰগুৰিৰ অজিত বুঢ়াগোহাঁই আৰু ঊষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী ৷

বিগত 18 মে'ত গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বান্ধৱী ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক ৷ কবিতা ভাল পোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰীগৰাকীয়ে এটা কবিতাৰ মাজেৰে মনৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল(Barshasree Borgoghain arrested in writting poem) । যাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

কাৰাগাৰত ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল বৰ্ষাশ্ৰীয়ে ৷ সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক পৰীক্ষাত বহিবলৈ দিবলৈ বিভিন্ন ধৰণৰ পোষ্টেৰে চৰকাৰক আহ্বান জনাইছিল জনসাধাৰণে ৷ ইয়াৰ পিছতেই গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিৰ্দেশ দিছিল ।

ইপিনে, বিগত 4 জুলাইত বৰ্ষাশ্ৰীৰ পৰিয়ালে বৰ্ষাশ্ৰীৰ জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন কৰিছিল । ইয়াৰ পিছতে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত শুনানী গ্ৰহণ কৰি 25 হাজাৰ টকাত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন আৱেদন মঞ্জুৰ কৰা হয় । আদালতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন আৱেদন মঞ্জুৰ কৰি ভৱিষ্যতে তেনেধৰণৰ কবিতা নিলিখিবলৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সকীয়াই দিয়ে ।

লগতে পঢ়ক : Barshashree sit exam in Jail: 25 জুলাইৰ ভিতৰত কাৰণ কাৰণ দৰ্শাব লাগিব অধ্যক্ষই

Last Updated :Jul 21, 2022, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.