ETV Bharat / bharat

Govt issued order on Covid: 9 ৰাজ্যলৈ কেন্দ্ৰৰ ক'ভিড সম্বন্ধীয় জৰুৰী নিৰ্দেশনা

author img

By

Published : Jul 21, 2022, 11:28 AM IST

Updated : Jul 21, 2022, 12:10 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেশৰ 9 খনকৈ ৰাজ্যলৈ জাৰি কৰিছে ক'ভিড সম্বন্ধীয় জৰুৰী নিৰ্দেশনা ৷ অসমৰ লগতে কেৰালা,পশ্চিম বংগ, তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, হিমাচল প্ৰদেশ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশলৈ মন্ত্ৰালয়ে ক'ভিড সম্বন্ধীয় সৰ্তকতামূলক নিৰ্দেশনা প্ৰদান কৰিছে ৷ RTPCR পৰীক্ষাবোৰ ৰাজ্য চৰকাৰসমূহে ক্ষীপ্ৰতাৰে কৰোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে (Health Ministry seeks rapid RT PCR tests) ৷

centre-urges-9-states-to-ramp-up-testing-to-curb-rising-covid-cases
9 ৰাজ্যলৈ কেন্দ্ৰৰ ক'ভিড সম্বন্ধীয় জৰুৰী নিৰ্দেশনা

নেশ্যনেল ডেস্ক,21 জুলাই : দেশৰ পৰা এতিয়াও ক'ভিডৰ আশংকা আতঁৰি যোৱা নাই ৷ তিনিটাকৈ ঢৌয়ে দেশবাসীক চুই যোৱাৰ পিছত পুনৰ ক'ভিড অহাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ দেশৰ 9 খনকৈ ৰাজ্যলৈ শেহতীয়াকৈ সংশ্লিষ্ট মন্ত্ৰণালয়ে প্ৰেৰণ কৰিছে জৰুৰী নিৰ্দেশনা(Central government issued order to nine states) ৷ ইয়াৰ ভিতৰত আছে অসমো ৷ অসমসহ কেইবাখনো ৰাজ্যলৈ ক'ভিড সম্বন্ধীয় পৰীক্ষাবোৰ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট মন্ত্ৰণালয়ে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে (Covid Infection)৷

অসমৰ লগতে কেৰালা,পশ্চিমবংগ,তামিলনাডু,মহাৰাষ্ট্ৰ,অন্ধ্ৰ প্ৰদেশ,হিমাচল প্ৰদেশ,মিজোৰাম আৰু অৰুণাচল প্ৰদেশলৈ মন্ত্ৰণালয়ে ক'ভিড সম্বন্ধীয় সৰ্তকতামূলক নিৰ্দেশনা প্ৰদান কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে (Central Health Secretary Rajesh Bhushan) উল্লেখিত ৰাজ্যসমূহৰ প্ৰতিনিধিসমূহৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতে ৰাজ্যসমূহৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে আৰু সৰ্তকতা বিধিবোৰ পালনৰ বাবে ৰাজ্য চৰকাৰবোৰলৈ নিৰ্দেশনা জাৰি কৰে ৷

RTPCR পৰীক্ষা ৰাজ্য চৰকাৰসমূহে ক্ষীপ্ৰতাৰে কৰোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰাৰ লগতে যিকোনো শিথিলতাই উল্লেখিত ৰাজ্যকেইখনৰ ক'ভিড পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৷

লগতে পঢ়ক: Covid in Hojai: হোজাইত ক’ভিডত আক্ৰন্তৰ সংখ্যা বৃদ্ধি

Last Updated :Jul 21, 2022, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.