ETV Bharat / international

New President of Sri Lanka: শ্ৰীলংকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতি হিচাপে শপত ল'লে ৰণিল ৱিক্ৰমসিংঘেই

author img

By

Published : Jul 21, 2022, 2:12 PM IST

শপত ল'লে শ্ৰীলংকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতিয়ে ৷ ৰণিল ৱিক্ৰমসিংঘেই আজি শপত গ্ৰহণ কৰে দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ৷ দেশখনৰ ৰাজধানীস্থিত সংসদ ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ জয়ন্ত জয়াসূৰ্যই শপত বাক্য পাঠ কৰোৱায় শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীক ৷ কিছুদিন পূ্ৰ্বে এটা মেইলযোগে পূৰ্বৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাই প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ ৷

..
শপত ল'লে ৰণিল ৱিক্ৰমসিংঘে

ইন্টাৰনেচনেল ডেস্ক,21 জুলাই: সংকট, প্ৰতিবাদৰ মাজতে শপত ল'লে শ্ৰীলংকাৰ ষষ্ঠজন ৰাষ্ট্ৰপতি (New President of Sri Lanka) ৷ দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰে ৰণিল ৱিক্ৰমসিংঘেই (Ranil Wickremesinghe sworn in as Sri Lanka's new President)৷ সমগ্ৰ দেশখনতে সাংঘাতিক অৰ্থনৈতিক অচলাৱস্থাই দেখা দিয়াৰ পিছতে গণৰোষৰ বলি হয় পূৰ্বৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচা ৷

ইয়াৰ পিছতেই প্ৰতিবাদী জনতাই ৰাষ্ট্ৰপতি পদ এৰিবলৈ বাধ্য কৰায় গোটাবায়া ৰাজাপাকচাক ৷ দেশখনৰ নাগৰিকে সদ্য পদত্যাগী ৰাজাপাকচাৰ বাসগৃহ, কাৰ্যালয়কে ধৰি সকলো সা-সম্পত্তি জ্বলাই দিয়াৰ পিছতে দেশ এৰি পলাবলৈ বাধ্য হয় পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকী ৷ অৱশেষত এটা মেইলযোগে ৰাজাপাকচাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ দেশখনৰ ৰাজধানীস্থিত সংসদ ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ জয়ন্ত জয়াসূৰ্যই শপত বাক্য পাঠ কৰোৱায় শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিগৰাকীক(Wickremesinghe took his oath before Chief Justice Jayantha Jayasuriya)৷

যোৱা কেইবামাহ ধৰি শ্ৰীলংকাৰ নাগৰিকসকলে অত্যাৱশকীয় সামগ্ৰীৰ নাটনিৰ সন্মুখীন হৈ অহাৰ লগতে প্ৰয়োজনীয় বয়-বস্তু ক্ৰয় কৰিবলগীয়া হৈছিল আকাশলংঘী মূল্যত ৷ যাৰ ফলত দেশখনৰ নাগৰিকসকলৰ মাজত সৃষ্টি হৈছিল হাহাকাৰময় পৰিস্থিতিৰ ৷

সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰণিল ৱিক্ৰমসিংঘেই দ্বীপৰাষ্ট্ৰখনৰ সাম্প্ৰতিক দেউলীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি ইতিমধ্যে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে(Bankrupt Sri Lanka opens IMF talks)৷ তদুপৰি অন্য বহুকেইখন দেশৰ সৈতেও আৰ্থিক সহায় বিচাৰি আলোচনা অব্যাহত ৰাখিছে নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ দেশখনত দেখা দিয়া ইন্ধনজাত সামগ্ৰীৰ নাটনি ৰোধৰ বাবেও ৰাষ্ট্ৰপতিগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক: Child killing: শিৱসাগৰত বন শিশুক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.