ETV Bharat / entertainment

Liger trailer Hindi: মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Liger ৰ ট্ৰেইলাৰ

author img

By

Published : Jul 21, 2022, 9:57 AM IST

জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডাই বলীউডত কৰিবলৈ ওলাইছে এণ্ট্ৰি ৷ নৱাগতা অনন্যা পাণ্ডেৰ সৈতে তেওঁৰ প্ৰথমটি খোজ পৰিব বলীউডত ৷ ঘোষণা হোৱাৰ পৰাই চৰ্চাত থকা ছবি Liger ৰ ট্ৰেইলাৰে আজি লাভ কৰিলে শুভ মুক্তি (Liger trailer) ৷

Liger trailer hindi
মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Liger ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 21 জুলাই : খেলুৱৈপ্ৰেমী দৰ্শকৰ বাবে সুখবৰ ৷ আহি আছে এখন খেলভিত্তিক এক্সন ছবি ৷ পুৰী জগন্নাধে লিখা আৰু নিৰ্দেশনা কৰা ছবিখনৰ নাম Liger ৷ ছবিখনৰ সহ-প্ৰযোজনাত আছে পুৰী জগন্নাধ, চাৰ্মি কৌৰ, কৰণ জোহৰ আৰু অপূৰ্ব মেহতা ৷

দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডাই এই ছবিখনেৰেই আৰম্ভ কৰিব তেওঁৰ বলীউড যাত্ৰা ৷ উল্লেখযোগ্য যে অনন্যা পাণ্ডেৰ এইখন হ’ব প্ৰথম তেলুগু ছবি ৷ ছবিখনৰ শ্বুটিং সমান্তৰালভাৱে হিন্দী আৰু তেলুগু ভাষাত কৰা হৈছে ৷

Liger trailer hindi
মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Liger ৰ ট্ৰেইলাৰ

ছবিখনৰ এটা বিশেষত্ব হ’ল যে ছবিখনত আমেৰিকান বক্সাৰ মাইক টাইছনে এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে (Liger movie cast) ৷ এই চৰিত্ৰটিৰ জৰিয়তেই ভাৰতীয় চিনেমাজগতত খোজ পেলাব তেওঁ ৷ ছবিখনে একেলগে হিন্দী, তেলুগেু, তামিল, মালয়ালম আৰু কানাড়া ভাষাত 25 আগষ্টত মুক্তি লাভ কৰিব (Liger movie release date) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে মুক্তি পোৱা ট্ৰেইলাৰটোত বিজয় দেৱেৰাকোণ্ডাক তেওঁৰ ৰুক্ষ ৰূপত দেখিবলৈ পোৱা গৈছে (Liger trailer) ৷ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আৰু যুঁজিবলৈ সাজু বিজয় ৷ প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত একেলগে অনন্যা আৰু বিজয়ক চাবলৈ অনুৰাগী অপেক্ষাত আছে ৷

লগতে পঢ়ক : ৰূপালী পৰ্দাত ধামাকা কৰিবলৈ সাজু হৈছে বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থা ৰুথ প্ৰভু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.