ETV Bharat / state

Exclusive interview with Kurung Kurme DC: অৰুণাচলত অসমৰ 19 শ্ৰমিক সন্ধানহীন প্ৰসংগ: জিলা উপায়ুক্তৰে বিশেষ সাক্ষাৎকাৰ

author img

By

Published : Jul 21, 2022, 1:46 PM IST

Updated : Jul 21, 2022, 4:58 PM IST

অৰুণাচল প্ৰদেশৰ কুৰোঙ কুৰ্মে জিলাৰ ভাৰত-চীন সীমান্তৰ দামীনত Border Roadsৰ কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা শ্ৰমিকৰ সন্ধান উলিয়াবলৈ বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায় বিচাৰিলে কুৰোঙ কুৰ্মে জিলাৰ উপায়ুক্তই । এই সন্দৰ্ভত কুৰোঙ কুৰ্মে জিলাৰ উপায়ুক্তৰ সৈতে ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ...

Exclusive interview of ETV Bharat with Kurung Kurme DC
অৰুণাচলত অসমৰ 19 শ্ৰমিক সন্ধানহীন প্ৰসংগ: জিলা উপায়ুক্তৰে বিশেষ সাক্ষাৎকাৰ

তেজপুৰ, 21 জুলাই : অৰুণাচল প্ৰদেশৰ কুৰোঙ কুৰ্মে জিলাৰ ভাৰত-চীন সীমান্তৰ দামীনত Border Roadsৰ কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈছিল অসমৰ 19 জনকৈ শ্ৰমিক ৷ যাৰ সন্ধানৰ বাবে বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায় বিচাৰিলে কুৰোঙ কুৰ্মে জিলাৰ উপায়ুক্ত বেঙীয়া নিগহীয়ে ৷

এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত(Exclusive interview of ETV Bharat) উপায়ুক্ত বেঙীয়া নিগহীয়ে (Kurung Kurme DC Bengia Nighee) কয় যে ইটানগৰৰ পৰা ২৫ জনীয়া SDRFৰ এটা দলে পুনৰ দামিন লৈ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰিছে ।

প্ৰতিকূল বতৰ আৰু পাহাৰীয়া অঞ্চলত সঘনাই হৈ থকা ভূমিস্খলনৰ বাবে কুৰোঙ কুৰ্মে জিলাৰ সদৰ কলিয়াঙৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ দামীনত উদ্ধাৰ কাৰ্যৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । তৎসত্বেও বুধবাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এভিয়েচন বিভাগৰ জৰিয়তে ভাৰতীয় বায়ুসেনালৈ হেলিকপ্টাৰৰ সহায়ৰ বাবে আবেদন জনাইছে যদিও বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে কোনো ধৰণৰ সহাৰি জিলা প্ৰশাসনে লাভ নকৰা বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

অৰুণাচলত অসমৰ 19 শ্ৰমিক সন্ধানহীন প্ৰসংগ: জিলা উপায়ুক্তৰে বিশেষ সাক্ষাৎকাৰ

তেওঁ কয় যে পূৰ্বে নদীৰ পাৰত এটা মৃতদেহ পোৱাৰ কথা প্ৰকাশ পাইছিল যদিও সেয়া এক তথ্যহীন উৰাবাতৰিহে আছিল । Border Roads Organizationৰ অধীনত সীমান্তত কৰ্মৰত অসমৰ 19 গৰাকী শ্ৰমিক বিগত ১০ জুলাইত ঈদ উপলক্ষে ঘৰলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

Border Roads ৰ অধীনত শ্ৰমিক হিচাপে কামৰ বাবে নিছিল বেঙীয়া তাচু নামৰ এজন ঠিকাদাৰে । Border Roads ৰ প্ৰজেক্ট 'অৰোনাক'ৰ অধীনত পূৱ-অৰুণাচল প্ৰদেশৰ সীমান্তত কাম চলি আছিল ৷ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা কুৰোঙ কুৰ্মে জিলা সদৰলৈ প্ৰায় ৪০০ কিলোমিটাৰ আৰু দামীনলৈ ১৫০ কিলোমিটাৰ । আনহাতে, দামীনৰ পৰা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ প্ৰায় ৮০ কিলোমিটাৰ ।

উল্লেখযোগ্য যে, নিৰুদ্দেশ হৈ থকা শ্ৰমিককেইজন বঙাইগাঁৱৰ আব্দুল আমিন, ৱাজেদ আলী, অভয়াপুৰীৰ নুৰুল ইছলাম, কোকৰাঝাৰৰ শ্বামিজুল শ্বেখ, কোল পুদিন, ধুবুৰীৰ আইনুল হক, ফৰিজুল হক, মনোৱাৰ হুছেইন, মাজিদুল আলি,বাক্সাৰ জয়নাল আলী, ৰুস্তম আলী, হিকমত আলী,বৰপেটাৰ মইজুল হক, খাইৰুল ইছলাম, শ্বহিদুল ইছলাম, অমিদুল হক, ইব্ৰাহীম আলী, কামৰূপৰ সোণাৰ উদ্দিন বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Army review meeting: নাৰেংগী ছাউনিত সেনাৰ পৰ্যালোচনা বৈঠক

Last Updated : Jul 21, 2022, 4:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.