ETV Bharat / city

Presidential election result: আজি দেশে পাব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি

author img

By

Published : Jul 21, 2022, 8:41 AM IST

আজি প্ৰথমে সংসদ ভৱনত বিধায়কসকলৰ বেলটসমূহ গণনা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গণনা কৰা হ'ব সাংসদসকলৰ বেলটসমূহ (Presidential election result on today) ৷ একোজন সাংসদৰ ভোটৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে 700 কৈ ৷ আনহাতে, বিধায়কসকলৰ ভোটৰ মূল্য ৰাজ্যসমূহৰ জনসংখ্যা অনুসৰি সুকীয়া সুকীয়া হ'ব ৷

Presidential election resul
আজি দেশে পাব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, 21 জুলাই: আজি ঘোষনা কৰা হ'ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ৷ ৰাইছিনা হিলছৰ নতুন বাসিন্দা কোন হ'ব সেয়া আজি বিয়লিৰ ভাগলৈ নিশ্চিত হৈ পৰিব(New resident of Raisina Hills) ৷ আজি দিনৰ 11 বজাৰ পৰা সংসদ ভৱনত আৰম্ভ হ'ব ভোটগণনা (Counting at Parliament Hall) ৷ ধাৰণা কৰা হৈছে বৃহস্পতিবাৰৰ বিয়লিৰ ভাগলৈ ভোটগণনা সম্পূৰ্ণ হ'ব ৷ বিগত 18 জুলাইত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত দেশৰ সকলো ৰাজ্যৰ বিধায়কসকলৰ লগতে সাংসদসকলে ভোটদান কৰিছিল ৷

দেশৰ পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা এই নিৰ্বাচনত শাসকীয় পক্ষ এন ডি এৰ ফালৰ পৰা দ্ৰৌপদী মুৰ্মুৱে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছিল প্ৰাক্তন বিজেপি নেতা যশোৱন্ত সিনহা ৷ আজি প্ৰথমে সংসদ ভৱনত বিধায়কসকলৰ বেলটসমূহ গণনা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গণনা কৰা হ'ব সাংসদসকলৰ বেলটসমূহ ৷ একোজন সাংসদৰ ভোটৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে 700 কৈ ৷

আনহাতে, বিধায়কসকলৰ ভোটৰ মূল্য ৰাজ্যসমূহৰ জনসংখ্যা অনুসৰি সুকীয়া সুকীয়া হ'ব ৷ উল্লেখ্য যে 24 জুলাইত অন্ত পৰিব বৰ্তমানৰ ৰাজ্যপাল ৰামনাথ কোবিন্দৰ কাৰ্যকাল ৷ ইয়াৰ এদিনৰ পিছতে অৰ্থাৎ 25 জুলাইত শপত গ্ৰহণ কৰিব দেশৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Pankaj Pathak Arrested: আচাৰ্য পংকজ পাঠকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.