ETV Bharat / city

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Jan 16, 2022, 3:02 PM IST

Top Ten News
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

India corona update : দেশত 1,32,557 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত ক’ভিডত

দেশত ভয়ানকভাৱে বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ দেওবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India) দেওবাৰে বিগত 241 দিনতকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট বেছি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে জনোৱা তথ্য অনুসৰি ভাৰতত বিগত 24 ঘণ্টাত 1,32,557 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 1,32,557 new covid cases in last 24 hours) ৷

এনিশাৰ ভিতৰত আটক দুই শতাধিক দালাল; এজাহাৰ লিখাৰ নামত কৰিছিল দালালি

শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ 210 জন দালালক আটক কৰে (Broker arrested from different districts in Assam) ৷ অকল কামৰূপতেই মুঠ 37 জনকৈ দালালক আটক কৰে আৰক্ষীয়ে ৷

ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

সময় মতেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ৷ বিহপুৰীয়াত এই কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu on HSLC and AHSEC exam)৷ লগতে ২০৩৫ চনৰ ভিতৰতহে নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপে ৰূপায়ন হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে (New Education Policy in Assam)৷

Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 3390 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 9.87 শতাংশ ৷

শিৱসাগৰত পথ দুৰ্ঘটনাত মৃত্যু সেনা জোৱানৰ

বিহু বুলি ঘৰলৈ আহিছিল ভাৰতীয় সেনাত কৰ্মৰত জোৱান মিন্টু গগৈ ৷ কিন্তু বিহুটো সুখৰ নহ’ল ৷ এটা দুৰ্ঘটনাই পৰিয়ালৰ পৰা বহু দূৰলৈ লৈ গ’ল মিন্টুক ৷ ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল ৷

'' ইয়ে ক্যা নাটক হ্যে ? '': নগাঁৱৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক

কেবাটাও কাৰ্য্যসূচী হাতত লৈ শনিবাৰে নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰে(CM Himanta Bishwa Sarma angry) । খঙতে মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ উপায়ুক্তক দিলে ধমক (CM Himanta Bishwa Sarma angry on Nagaon DC ) । নগাঁও চহৰৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত মৃত্যুঞ্জয় মন্দিৰলৈ গৈ থকা সময়ত বঢ়মপুৰ সমষ্টিৰ গোমোঠা গাঁৱত এটি পথৰো উদ্ধোধন কৰিবলৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মা।

ৰাজ্যত চান্দা সংগ্ৰহ নকৰা সংগঠন বিচাৰি পালে মন্ত্ৰী যোগেন মহনে

বিগত কিছুদিন আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো দল-সংগঠনে ব্যৱসায়িক ভয় ভাবুকি দি ধন সংগ্ৰহ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দশ দিয়াৰ পাচতেই(CM stricts against extortion) মন্ত্ৰী যোগেন মহনে বিচাৰি পালে চান্দা নিবিচাৰা সংগঠন ৷ শনিবাৰে মৰাণত মাৰোৱাৰী যুৱ মঞ্চৰ এক অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত চান্দা সংগ্ৰহ নকৰি সাহায্য বিতৰণ তথা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা সংগঠনৰ ভিতৰত 'মাৰোৱাৰী যুৱ মঞ্চ' (Marwari Yuva Manch) বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ মাৰোৱাৰী যুৱ মঞ্চই চান্দা সংগ্ৰহ নকৰাকৈয়ে ভাল কামত জড়িত হৈ আহিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Minister Jogen Mohan Praises Marwari Yuva Manch at Moran ) ৷

হাইলাকান্দিত ৰাষ্ট্ৰীয় ঘাইপথতে দুৰ্বৃত্তৰ দলে গুলীয়ালে এজনক

হাইলাকান্দিত দুচকীয়া বাহনত অহা তিনি জনীয়া দুৰ্বৃত্তৰ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথতে গুলীয়ালে এজনক (miscreants firing in Hailakandi) ৷ আহত লোকজনৰ নাম মাছুক আহমেদ বৰভুঞা বুলি জানিব পৰা গৈছে ৷

Botanical Garden in Guwahati: পাঁচ বছৰে হৈ নুঠিল ফাঁচীবজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত উদ্ভিদ উদ্যান

দহবছৰ পূৰ্বে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচী বজাৰৰ পৰা গঁড়চুকলৈ স্থানান্তৰ হোৱাৰ পিছৰে পৰা ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিখিনি পৰিত্যক্ত হৈ পৰি আছে ৷ আজিৰ পৰা পাঁচ বছৰ পূৰ্বে তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ মুকলি হৈ থকা ৬০ বিঘা মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল (Botanical Garden at old jail campus in Fancy Bazar) ৷ উদ্ভিদ উদ্যানৰ ঘোষণা পাচঁ বছৰে ফাইলতে আৱদ্ধ হৈ থকাৰ পিছত চলিত বছৰৰ পৰা এই কামৰ প্ৰাথমিক কাম আৰম্ভ হৈছে ৷

প্ৰিয়ংকা গান্ধীক ক্ষমা নকৰিব সমাজে; ক্ষোভিত ঐশ্বৰ্য চেংগাৰে কৰিলে মন্তব্য

ক্ৰমাৎ গৰম হ’বলৈ ধৰিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বতাহজাক (Uttarpradesh assembly election) ৷ বিজেপিৰ লগে লগে কংগ্ৰেছ, সমাজবাদী পাৰ্টী আদি দল সমূহেও নিজ নিজ ৰণকৌশল প্ৰস্তুত কৰি যুঁজ দিবলৈ সাজু হৈছে ৷ ইয়াৰ মাজতে ভাইৰেল হৈছে বিতৰ্কিত বিধায়ক তথা বৰ্তমান কাৰাবন্দী বিজেপি নেতা কুলদ্বীপ সিং চেংগাৰৰ জীয়ৰী ঐশ্বৰ্য চেংগাৰৰ এটা ভিডিঅ’ (Viral Video of Aishwarya Sengar) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.