ETV Bharat / city

শিৱসাগৰত পথ দুৰ্ঘটনাত মৃত্যু সেনা জোৱানৰ

author img

By

Published : Jan 16, 2022, 11:31 AM IST

বিহু বুলি ঘৰলৈ আহিছিল ভাৰতীয় সেনাত কৰ্মৰত জোৱান মিন্টু গগৈ ৷ কিন্তু বিহুটো সুখৰ নহ’ল ৷ এটা দুৰ্ঘটনাই পৰিয়ালৰ পৰা বহু দূৰলৈ লৈ গ’ল মিন্টুক ৷ ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল ৷

indian-army-soldier-deid-on-road-accident-at-sivasagar
শিৱসাগৰত সেনা জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

আমগুৰি, 16 জানুৱাৰী : শনিবাৰে ভাৰতীয় সেনা দিৱসৰ (India celebrates Army day) দিনাই শিৱসাগৰত জ্বলিল এগৰাকী ভাৰতীয় সেনা জোৱানৰ চিতা ৷ যাৰ বাবে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী লেফেৰা চাওদাং গাঁৱত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ জাঁজী লেফেৰা চাওদাং গাঁৱৰ ভাৰতীয় সেনা বাহিনীৰ জোৱান মিন্টু গগৈ(30)য়ে কিছুদিন পৰিয়ালৰ লোকৰ সৈতে কটাবলৈ ঘৰলৈ ছুটী লৈ আহিছিল ৷

শিৱসাগৰত সেনা জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

পিছে বিধাতাৰ লিখন নহয় খণ্ডন ৷ কেইদিনমান আগত ঘৰলৈ অহা ভাৰতীয় সেনাৰ ৮৪ আৰ্মড ৰেজিমেন্টৰ চাৰ্লি ডিভিজনত কৰ্মৰত জোৱান মিন্টু গগৈ পতিত হয় এক পথ দুৰ্ঘটনাত ৷ গুৰুতৰভাৱে আহত হোৱা সেনা জোৱানজনক যোৰহাটৰ বায়ুসেনা বাহিনীৰ চিকিৎসালয়ত ভৰ্তি কৰি হৈছিল ৷ যদিও তাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰে জোৱানজনে (Indian army soldier deid on road accident at Sivasagar) ৷

শনিবাৰে এক শোকাকুল পৰিৱেশত জাঁজী লেফেৰা চাউদাং গাঁৱস্থিত নিজা বাসগৃহত সামৰিক মৰ্যাদাৰে সন্মান জনাই সেনা জোৱানজনৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয় । ভাৰতীয় সেনাজনৰ অন্তিম সৎকাৰ অনুষ্ঠানত সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি সহ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধৰ দাবী ডিমাছা ছাত্ৰ সংগঠনৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.