ETV Bharat / bharat

India corona update : দেশত 1,32,557 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত ক’ভিডত

author img

By

Published : Jan 16, 2022, 2:18 PM IST

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 1,32,557 গৰাকী লোক ৷ দেওবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

india-reports-over-2-dot-71-lakh-new-covid-cases-positivity-rate-down
দেশত 1,32,557 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত

নিউজ ডেস্ক, 16 জানুৱাৰী : দেশত ভয়ানকভাৱে বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ দেওবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India) দেওবাৰে বিগত 241 দিনতকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট বেছি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে জনোৱা তথ্য অনুসৰি ভাৰতত বিগত 24 ঘণ্টাত 1,32,557 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 1,32,557 new covid cases in last 24 hours) ৷

বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 15,50,377 গৰাকী ৷ এই পৰিমাণ বিগত 222 দিনকৈ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 4.18 শতাংশ ৷ বিপৰীতে মৃত্যু হৈছে 315 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,86,066 গৰাকীলৈ বৃদ্ধি পাইছে ৷ সম্প্ৰতি মৃত্যুৰ হাৰ হৈছে 1.31 শতাংশ ৷

উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 1,38,331 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,50,85,721 গৰাকী ৷ সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 94.51 শতাংশ ৷

ইফালে, বিগত 24 ঘণ্টাত 66,21,395 গৰাকী লোকক ক’ভিড ভেকছিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ দেওবাৰলৈকে দেশত মুঠ 1,56,76,15,454 গৰাকী লোকক ক’ভিড টীকাকৰণ প্ৰদান কৰা হৈছে ৷ লগতে বিগত 24 ঘণ্টাত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা 7,783 জন ৷

লগতে পঢ়ক : Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.