ETV Bharat / bharat

India corona update : দেশত 1,54,542 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত

author img

By

Published : Jan 15, 2022, 9:53 AM IST

Updated : Jan 15, 2022, 11:19 AM IST

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 1,54,542 গৰাকী লোক (India reports 1,54,542 new covid cases in last 24 hours) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 3.48 শতাংশ ৷

india-reports-1-54-542-new-covid-cases-in-last-24-hours
বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 1,54,542 গৰাকী

নিউজ ডেস্ক, 15 জানুৱাৰী : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণাৰ সংক্ৰমণৰ (Covid 19 cases increase in India) হাৰ ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি (Covid 19 update in India) পুনৰ 1,54,542 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (India reports 1,54,542 new covid cases in last 24 hours) ৷ বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা হৈছে 12,72,073 গৰাকী ৷ দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 3.48 শতাংশ ৷

বিপৰীতে মৃত্যু হৈছে 315 গৰাকীৰ ৷ ইয়াৰ লগে লগে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,85,350 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যাৰ লগে লগে মৃত্যুৰ হাৰ হৈছে 1.33 শতাংশ ৷

উল্লেখ্য যে, আক্ৰান্তসকলৰ অধিকাংশই চিকিৎসাধীন অৱস্থাত আছিল ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকসকলৰ ভিতৰত বিগত 24 ঘণ্টাত 1,09,345 গৰাকী লোকে আৰোগ্য লাভ কৰে ৷ ইয়াৰ লগে লগে আৰোগ্যৰ সংখ্যা হয়গৈ 3,48,24,706 গৰাকী ৷

সম্প্ৰতি আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 95.20 শতাংশ ৷ইফালে, বিগত 24 ঘণ্টাত 73,08,669 গৰাকী লোকক ক’ভিড ভেকছিন (Covid Vaccination in India) প্ৰদান কৰা হৈছে ৷ শনিবাৰলৈকে দেশত মুঠ 1,55,39,81,819 গৰাকী লোকক ক’ভিড টীকাকৰণ প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : CM Visit Covid Care Centre: সৰুসজাই ষ্টেডিয়ামৰ ক'ভিড কেয়াৰ চেণ্টাৰত মুখ্যমন্ত্রী

Last Updated : Jan 15, 2022, 11:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.