ETV Bharat / city

Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

author img

By

Published : Jan 16, 2022, 8:53 AM IST

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 3390 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 9.87 শতাংশ ৷

covid-positive-cases-rapidly-increasing-in-assam
ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

নিউজ ডেস্ক, 16 জানুৱাৰী : ইংৰাজী নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যখনত অভাৱনীয়ভাৱে বাঢ়ি আহিল ক'ভিডৰ সংক্ৰমণ (Covid positive cases increasing in Assam) ৷ ভোগালী বিহুলৈকে মাত্ৰ দুটা সপ্তাহৰ ভিতৰতে শতকৰ ঘৰৰ পৰা হাজাৰৰ ঘৰ পালেহি আক্ৰান্তৰ সংখ্যা ৷ বছৰটোৰ আৰম্ভণিতে দৈনিক এশৰ পৰা 150 গৰাকীহে লোকৰ দেহত ধৰা পৰিছিল ক'ভিড ৷ কিন্তু বৰ্তমান নিতৌ প্ৰায় দুই সহস্ৰাধিক লোক আক্ৰান্ত হ'বলৈ ধৰিছে ক'ভিডত (Covid positive cases rapidly increasing in Assam) ৷

শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid update in Assam) ৷ এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 3390 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 9.87 শতাংশ ৷ লগতে কৰ’ণাৰ পৰীক্ষা সম্পন্ন হৈছে 34,355 গৰাকীৰ ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত 919 জন লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ ইতিমধ্যে 96.07 শতাংশ লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ লগতে বিগত 24 ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ 4 জন লোকৰ মৃত্যু হৈছে ৷

শেহতীয়াকৈ কামৰূপ মহানগৰত ক'ভিডৰ ভয়াৱহতা যথেষ্ট হাৰত বৃদ্ধি হৈছে ৷ কেৱলমাত্ৰ কামৰূপ মহানগৰতেই 7,475 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ লগতে কাছাৰত 1565 জন, যোৰহাটত 1,271 জন, ডিব্ৰুগড়ত 1,133 জন আৰু কামৰূপ গ্ৰাম্যত 1,064 জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ আন আন জিলাতো ক'ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে ৷

ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে স্বাস্থ্য বিভাগৰ সহযোগত SOP জাৰি কৰিছে ৷ কঠোৰ কৰি তোলা হৈছে ক’ভিড বিধি ৷ এই SOP অনুসৰি নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যত সান্ধ্য আইন ৷ চৰকাৰৰ এই SOP য়ে ভোগালী বিহুৰ উৰুকা উদযাপনত যতি পেলাইছিল ৷ যাৰবাবে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : 5 বছৰত মাজে সময়ে উপ নিৰ্বাচন হৈয়েই থাকিব : মুখ্যমন্ত্রী

অৱশ্যে ৰাইজৰ অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে উৰুকাৰ নিশা 11 বজাৰ পৰা পুৱতি নিশা 4 বজালৈহে সান্ধ্য আইন জাৰি ৰাখে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি জানুৱাৰী মাহৰ তৃতীয় আৰু চতুৰ্থ সপ্তাহত ব্যাপক হাৰত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ যাৰবাবে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰিছে স্বাস্থ্য বিভাগে ৷

ইতিমধ্যে জিলাই জিলাই চিকিৎসালয়সমূহত ক’ভিড চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ICU বিচনা, অক্সিজেনযুক্ত বিচনা, ক’ভিড ৰোগীৰ বাবে সাধাৰণ কক্ষ আদি সাজু কৰি ৰখা হৈছে ৷ সৰুসজাইত নিৰ্মাণ কৰা ক’ভিড হাস্পতাল ভোগালী বিহুৰ নিশা নিজে পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে এইবাৰ ক’ভিড ৰোগীসকলে সম্পূৰ্ণ নিজা খৰচত চিকিৎসা, খাদ্য আদি গ্ৰহণ কৰিব লাগিব ক’ভিড চিকিৎসালয়ত ৷ SOP প্ৰদানৰ সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এই কথা ৷

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে বাৰম্বাৰ ৰাইজক অনুৰোধ জনাইছে ক’ভিডৰ নীতি-নিয়মসমূহ মানি সজাগ হৈ থাকিবলৈ ৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান, জনসমাগমৰ পৰা নিজকে বিৰত ৰখা আদি উপায় অৱলম্বনেৰে সংক্ৰমণৰ শিকলিডাল যাতে চিঙি পেলাব পাৰি তাৰ কাৰণে ৰাইজক আহ্বান জনাইছে চৰকাৰ তথা আহ্বান জনাইছে ৷

লগতে পঢ়ক : Hike in land prices: চৰকাৰে বিচৰা ধৰণেই বৃদ্ধি পাব মাটিৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.