ETV Bharat / city

এনিশাৰ ভিতৰত আটক দুই শতাধিক দালাল; এজাহাৰ লিখাৰ নামত কৰিছিল দালালি

author img

By

Published : Jan 16, 2022, 2:14 PM IST

শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ 210 জন দালালক আটক কৰে (Broker arrested from different districts in Assam) ৷ অকল কামৰূপতেই মুঠ 37 জনকৈ দালালক আটক কৰে আৰক্ষীয়ে ৷

broker-arrested-from-different-districts-in-assam
ৰাজ্যজুৰি পুনৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গুৱাহাটী, 16 জানুৱাৰী : ৰাজ্যজুৰি পুনৰ দালালৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে । কিছুদিন আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই থানাৰ সন্মুখত থকা দালালসকলক আঁতৰ কৰোৱাৰ নিৰ্দেশ দিছিল (Himanta biswa Sarma against broker)। মুখ্যমন্ত্ৰীৰ এই নিৰ্দশমৰ্মে বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা বহুকেইজন দালালক আটক কৰে ৷

যাৰ ফলত বিগত কিছুদিনৰ পৰা মাটিৰ দালালৰ উপদ্ৰপ যথেষ্ট কমিছিল । এই নিৰ্দশ মৰ্মেই অসম আৰক্ষীয়ে শ শ দালালক আটক কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক কৰিছিল ৷

broker-arrested-from-different-districts-in-assam
ৰাজ্যজুৰি পুনৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

শেহতীয়াকৈ শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ 210 জন দালালক আটক কৰে (Broker arrested from different districts in Assam) ৷ কামৰূপত 37 জন, গুৱাহাটী মহানগৰীত 8 জন (Broker arrested from Guwahati), নগাঁৱত 12 জন, যোৰহাটত 9 জন, বকোত 13 জন, বিশ্বনাথত 7 জন, শোণিতপুৰ 6 জনকৈ দালালক আটক কৰে আৰক্ষীয়ে ৷

ইয়াৰোপৰি, ওদালগুৰিত 6 জন, সোণতলিত 5 জন, গৰৈমাৰীত 5 জন, কৰিমগঞ্জত 10 জন, গোৱালপাৰাত 13 জন, বঙাইগাঁৱত 12 জন, কাছাৰত 10 জন, হোজাই 8 জন, ধেমাজি 5 জন, দৰঙত 9 জন, কোকৰাঝাৰত 7 জন আৰু লখিমপুৰত 8 জন দালালক শনিবাৰে নিশা অসম আৰক্ষীয়ে আটক কৰে ৷

জানিব পৰা মতে, পূৰ্বতে দালালৰ বিৰুদ্ধে ৰুজু কৰা গোচৰসমূহৰ ক্ষেত্ৰত আৰক্ষীৰ ওচৰত কোনো ধৰণৰ বিশেষ তথ্য-প্ৰমাণ নথকাত দালালসকলে জামিন লাভ কৰিছিল । পিছে এইবাৰ এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে চলোৱা অভিযান কিমান দূৰ সফল হয় সেয়া সময়েহে ক'ব !

লগতে পঢ়ক : ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.