ETV Bharat / state

Botanical Garden in Guwahati: পাঁচ বছৰে হৈ নুঠিল ফাঁচীবজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত উদ্ভিদ উদ্যান

author img

By

Published : Jan 15, 2022, 10:45 PM IST

Botanical Garden in Guwahati
পাঁচ বছৰে হৈ নুঠিল ফাঁচীবজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত উদ্ভিদ উদ্যান

দহবছৰ পূৰ্বে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচী বজাৰৰ পৰা গঁড়চুকলৈ স্থানান্তৰ হোৱাৰ পিছৰে পৰা ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিখিনি পৰিত্যক্ত হৈ পৰি আছে ৷ আজিৰ পৰা পাঁচ বছৰ পূৰ্বে তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ মুকলি হৈ থকা ৬০ বিঘা মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল (Botanical Garden at old jail campus in Fancy Bazar) ৷ উদ্ভিদ উদ্যানৰ ঘোষণা পাচঁ বছৰে ফাইলতে আৱদ্ধ হৈ থকাৰ পিছত চলিত বছৰৰ পৰা এই কামৰ প্ৰাথমিক কাম আৰম্ভ হৈছে ৷

গুৱাহাটী, 15 জানুৱাৰী: গুৱাহাটী মহানগৰীত মানুহে প্ৰাতঃভ্ৰমন আৰু সান্ধ্যভ্ৰমন কৰাৰ বাবে মুকলি ঠাইৰ যথেষ্ট অভাৱ৷ ব্যস্ত জীৱনৰ পৰা আঁতৰি অকণমান মুকলি ঠাইত ফুৰি সময় পাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰীত মুকলি ঠাইৰ বাৰুকৈয়ে অভাৱ৷ মহানগৰীৰ চাৰিওফালে সুউচ্ছ অট্টালিকা, দোকান পোহাৰ, গাড়ী মটৰে ভৰি পৰিছে৷ গুৱাহাটীত যেন এতিয়া মানুহে মুকলি ঠাইত উশাহ অলপ ল’ব পৰা মুকলি ঠাই নোহোৱা হৈ পৰিছে ৷

গুৱাহাটীত যিকেইখন খেলপথাৰ আছে তাতো বাৰ মাহত তেৰটাকৈ অনুষ্ঠান, মেলা আদিৰে দখল হৈ থাকে৷ যিকেইখন চৰকাৰী উদ্যান আছে সেইবোৰ আঙুলিৰ মূৰত গণিব পাৰি৷ মহানগৰীখনত ক্ৰমাৎ বাঢ়ি অহা জনসংখ্যাৰ তুলনাত গুৱাহাটীত থকা চৰকাৰী উদ্যানকেইখন পৰ্যাপ্ত নহয়৷ উল্লেখ্য যে, গুৱাহাটীত মুকলি ঠাইৰ অভাৱ আৰু মানুহৰ স্বাস্থ্যকৰ পৰিৱেশত অৱসৰ বিনোদন কৰাৰ বাবে ফাঁচী বজাৰৰ পুৰনি কেন্দ্ৰীয় কাৰাগাৰৰ মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কাম এতিয়াও পিছ পৰি আছে (botanical garden has not been built in old central jail campus last five years)৷

দহবছৰ পূৰ্বে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচী বজাৰৰ পৰা গড়চুকলৈ স্থানান্তৰ হোৱাৰ পিছৰে পৰা ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিখিনি পৰিত্যক্ত হৈ পৰি আছে৷ আজিৰ পৰা পাঁচ বছৰ পূৰ্বে তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ মুকলি হৈ থকা ৬০ বিঘা মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল৷ হিমন্ত বিশ্ব শমাৰ্ৰ উদ্ভিদ উদ্যানৰ ঘোষণা পাচঁ বছৰে ফাইলতে আৱদ্ধ হৈ থকাৰ পিছত চলিত বছৰৰ পৰা এই কামৰ প্ৰাথমিক কাম আৰম্ভ হৈছে ।

২০১৬ চনৰ ২ জুলাইত মন্ত্ৰী হিমন্ত বিশ্ব শমাৰ্ই উদ্ভিদ উদ্যানৰ নিমাৰ্ণৰ কথা ঘোষণা কৰি কৈছিল যে, তিনিবছৰৰ ভিতৰত অৰ্থাৎ ২০১৯ চনৰ ভিতৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ভূমিত উদ্ভিদ উদ্যানৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ৷ কাৰাগাৰৰ পুৰনি মাটিত উদ্ভিদ উদ্যান নিমাৰ্ন কৰাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক দিয়া হৈছিল দায়িত্ব৷ কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বহীনতাৰ বাবে প্ৰস্তাৱিত উদ্ভিদ উদ্যান নিমাৰ্ণৰ কামত বিলম্ব হয়৷

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰা পোৱা তথ্য মতে, যোৱা দুবছৰ পূৰ্বে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰধীকৰণে কেন্দ্ৰীয় কাৰাগাৰৰ পুৰনি মাটিত উদ্ভিদ উদ্যান নিমাৰ্ন কৰাৰ বাবে প্ৰস্তাৱিত উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল৷ নিবিদা আহ্বানৰ জৰিয়তে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে নিৰ্দিষ্ট ফাৰ্মক নক্সা প্ৰস্তুতৰ দায়িত্ব দিছিল৷

২০১৮ চনত মহানগৰ উন্নয়ন প্ৰাধিকৰণে উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰি তোলাৰ বাবে ডেৰ বছৰ সময় নিৰ্দ্ধাৰণ কৰিছিল ৷ কিন্তু উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰি তোলাৰ কাম যোৱা বছৰতহে সম্পূৰ্ণ হয় । মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰস্তাৱিত উদ্ভিদ উদ্যানত বিশেষভাৱে ঔষধি গছ ৰোপণ কৰাৰ প্ৰস্তাৱ আছে৷ লগতে তাত থকা জলাশয়কেইটাৰ উন্নয়ন কৰা, মানুহে অৱসৰ বিনোদন কৰাৰ বাবে উদ্যান নিৰ্মান কৰা, ওখ টাৱাৰ নিৰ্মাণ কৰা, মাল্টি কাৰ পাৰ্কিং স্থান নিৰ্মাণ কৰা, ডিজিটেল মিউজিয়াম, আলোচনা গৃহ নিমাৰ্ণ কৰা, খোজকঢ়া স্থান নিৰ্মাণ কৰা আদি প্ৰস্তাৱ আছে৷

উল্লেখ যে ২০১৬ চনত গুৱাহাটী উন্নয়ন বিভাগে কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ঠাইখিনি উন্নয়ন কৰাৰ বাবে ৩ কৌটি টকা মোকলাই দিছিল৷ আকৌ ২০১৭ চনতে ৰাজ্য চৰকাৰে গুৱাহাটী উন্নয়ন বিভাগক কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ভূমিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ বাবে ৫,৮৬৩.৩৫ লাখ টকা মোকলাই দিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা উদ্যান নিৰ্মাণৰ কাম আৰম্ভ হয় ।

লগতে পঢ়ক: Beautification of Nagaon: নগাঁও চহৰে লাভ কৰিছে নতুন ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.