হাইলাকান্দিত ৰাষ্ট্ৰীয় ঘাইপথতে দুৰ্বৃত্তৰ দলে গুলীয়ালে এজনক

author img

By

Published : Jan 15, 2022, 10:51 PM IST

miscreants-firing-in-highway-of-hailakandi

হাইলাকান্দিত দুচকীয়া বাহনত অহা তিনি জনীয়া দুৰ্বৃত্তৰ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথতে গুলীয়ালে এজনক (miscreants firing in Hailakandi) ৷ আহত লোকজনৰ নাম মাছুক আহমেদ বৰভুঞা বুলি জানিব পৰা গৈছে ৷

হাইলাকান্দি, 15 জানুৱাৰী : মাঘ বিহুৰ আনন্দ উলাহৰ মাজতে হাইলাকান্দিত সংঘটিত হ’ল দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা (miscreants firing in Hailakandi) ৷ দুচকীয়া বাহনত অহা তিনি জনীয়া দুৰ্বৃত্তৰ দল এটাই গুলীচালনা কৰিলে মাছুক আহমেদ বৰভুঞা নামৰ লোকজনলৈ বুলি ৷ এইঘটনাত গুৰুতৰভাৱে আহত মাছুক আহমেদ বৰভুঞাক ইতিমধ্যে চিকিৎসা প্ৰদান কৰি থকা হৈছে শিলচৰ মেডিকেল কলেজত ।

এই ভয়াৱহ ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ছিপসাঙনৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত(Gun firing in highway of Hailakandi) । জানিব পৰা মতে, AS24 8103 নম্বৰৰ দুচকীয়া বাহনখন লৈ নিজ ঘৰলৈ যোৱাৰ সময়ত হঠাৎ তিনিজনীয়া দুবৃৰ্ত্তৰ দল এটাই বাজাজ পালছাৰ বাহন যোগে আহি মাছুক আহমেদ বৰভুঞাক গুলীয়াই থৈ সেই স্থানৰ পৰা পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত স্থানীয় এজন গাড়ী চালকে আহত বৰভুঞাক অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ পিছত হাইলাকান্দি চিকিৎসালয়ৰ পৰা শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় তেওঁক ৷ ঘটনাৰ খবৰ পাই হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত এক বিশাল আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷ সম্প্ৰতি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে (Police inquiry on miscreants firing in Hailakandi) ।

লগতে পঢ়ক : Illegal Cattle Smuggling : জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিলে বিশটাকৈ গো-ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.