ETV Bharat / bharat

প্ৰিয়ংকা গান্ধীক ক্ষমা নকৰিব সমাজে; ক্ষোভিত ঐশ্বৰ্য চেংগাৰে কৰিলে মন্তব্য

author img

By

Published : Jan 16, 2022, 1:39 PM IST

ক্ৰমাৎ গৰম হ’বলৈ ধৰিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বতাহজাক (Uttarpradesh assembly election) ৷ বিজেপিৰ লগে লগে কংগ্ৰেছ, সমাজবাদী পাৰ্টী আদি দল সমূহেও নিজ নিজ ৰণকৌশল প্ৰস্তুত কৰি যুঁজ দিবলৈ সাজু হৈছে ৷ ইয়াৰ মাজতে ভাইৰেল হৈছে বিতৰ্কিত বিধায়ক তথা বৰ্তমান কাৰাবন্দী বিজেপি নেতা কুলদ্বীপ সিং চেংগাৰৰ জীয়ৰী ঐশ্বৰ্য চেংগাৰৰ এটা ভিডিঅ’ (Viral Video of Aishwarya Sengar) ৷

Viral Video of Aishwarya Sengar
Viral Video of Aishwarya Sengar

নিউজ ডেস্ক, 16 জানুৱাৰী : উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃক কংগ্ৰেছ দলে উন্নাও সমষ্টিৰ পৰা টিকট প্ৰদান কৰাৰ পাচতেই এতিয়া খলকনিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক মহলত ৷ উন্নাও কাণ্ডৰ মূল অভিযুক্ত তথা কাৰাবন্দী বিজেপি বিধায়ক কুলদ্বীপ সিং চেংগাৰৰ জীয়ৰী ঐশ্বৰ্য সিং চেংগাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক এই সিদ্ধান্তৰ বাবে কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে (Kuldeep Singh Sengar’s daughter confronted Priyanka Gandhi)৷

উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ মাখিগাঁৱত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত (Unnao rape case) 2019 চনত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল কুলদ্বীপ সিং চেংগাৰ (Kuldip Singh Sengar in jail accused on a minor rape case)৷ 2017 চনত সংঘটিত এই ঘটনাটোৱে সমগ্ৰ দেশৰ ৰাজনীতিত তোলপাৰ লগাইছিল ৷

বৃহস্পতিবাৰে আগন্তক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা এখন প্ৰাৰ্থীৰ তালিকাত নাম সন্নৱিষ্ট আছে দুৰ্ভগীয়া নাবালিকা গৰাকীৰ মাতৃ আশা সিঙৰ ৷ উন্নাও বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে আশা সিঙক ৷

কিন্তু কংগ্ৰেছৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰা দেখা গৈছে কুলদ্বীপ সিং চেংগাৰৰ জীয়ৰী ঐশ্বৰ্য চেংগাৰ ৷ চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এই কাৰ্যক লৈ আপত্তি কৰা দেখা গৈছে ৷ ভিডিঅ’টোত কুলদ্বীপ কন্যাই কয় যে, ‘‘প্ৰিয়ংকা গান্ধী জী, আপুনি গ্ৰহণ কৰা এই ৰাজনৈতিক সিদ্ধান্ত হয়তো শুদ্ধ হ’ব পাৰে ৷ মই ৰাজনীতি নাজানো, কিন্তু সমাজৰ ধৰ্ম আৰু নৈতিকতাই আপোনাক কেতিয়াও ক্ষমা নকৰে’’ ৷

ঐশ্বৰ্য চেংগাৰে অভিযোগ তুলিছে যে, সেই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ জালিয়াতিৰ এটা গোচৰ ৰুজু হৈ আছে ৷ ‘‘আপোনাৰ প্ৰাৰ্থীৰ পৰিয়ালৰ বিৰুদ্ধে উন্নাওত ডজনৰো অধিক গোচৰ ৰুজু হৈ আছে ৷ উন্নাওৰ জনতাই এটা পৰিয়ালক ধ্বংস কৰা ৰাজনীতি গ্ৰহণ কৰে ৷ দহ মাৰ্চত ইয়াৰ ফলাফল আপুনি দেখিব ৷ মোৰ সৈতে উন্নাওবাসীৰ আশীৰ্বাদ আছে আৰু সদায় থাকিব’’ ৷ এইদৰে প্ৰিয়ংকা গান্ধীক সমালোচনা কৰে ঐশ্বৰ্য চেংগাৰে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.