ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 5, 2022, 6:58 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

KMSS Protest against price hike : ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল ৰাজ্য ৷ লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকল(KMSS Protest against price hike) ৷

দৰ্জীজানত গৰাখহনীয়াৰ কালৰূপ; হাহাকাৰ নৈপৰীয়াৰ

ডুমডুমাৰ দৰ্জীজানত ব্যাপক গৰাখহনীয়া (Brahmaputra river erosion in Doom Dooma) ৷ লুইতৰ বুকুত জাহ গৈছে দৰ্জীজান এলেকাৰ ওৰাং গাঁৱৰ শ শ বিঘা কৃষিভূমি । গৰাখহনীয়া প্ৰতিৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপূৰণৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

উদ্বোধনৰ দুমাহ নৌহওঁতেই লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত চিৰাল ফাঁট

লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত মেলিছে চিৰাল ফাঁট (Cracks in wall of lakhimpur medical college building) । পাঁচশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কলেজ খন উদ্বোধনৰ দুমাহৰ ভিতৰতে এনেদৰে দেৱাল সমুহ ফাটিবলৈ লোৱা ঘটনাই নিৰ্মাণ শৈলী অথবা নিৰ্মাণ সামগ্রীৰ মানদণ্ডকলৈ প্ৰশ্নৰ উদয় কৰিছে ।

বড়ো সাহিত্য সভাৰ অধিবেশনত ৰাষ্ট্ৰপতি; কৃতজ্ঞতা প্ৰকাশ বড়ো ৰাইজৰ

তামুলপুৰৰ গৌজন পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশনত (61st session of Bodo Sahitya Sabha at Tamulpur) অংশগ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বড়ো সাহিত্য সভাত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীক বড়ো ৰাইজৰ লগতে বিধানসভাৰ অধ্যক্ষই জনাইছে কৃতজ্ঞতা ৷

মণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

মণিপুৰৰ ৰাজধানী ইম্ফলত পুৱা সংঘটিত হয় শক্তিশালী আই ই ডি বিস্ফোৰণ(Powerful bomb exploded in Manipur) ৷ অৱশ্যে বিস্ফোৰণটোত হতাহত হোৱা নাই কোনো লোক ৷ পশ্চিম ইম্ফল আৰক্ষী, ফৰেনচিক বিভাগ, বোমা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত (Manipur Police Bomb Detection and Disposal Squad) ৷

দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৭৬ লাখ টকা হৰলুকি ৷ চাওক ভুৱা মেইল আইডি (Fake mail ID of Dispur college) প্ৰস্তুত কৰি কেনেদৰে প্ৰৱঞ্চকে লৈ গ’ল মহাবিদ্যালয়খনৰ ধন ৷

জুনৰ মাজ ভাগত হ'ব পাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

ৰাজ্যিক নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰা সৰ্বদলীয় বৈঠকত কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Elections) সন্দৰ্ভত বিশদ আলোচনা । নিৰ্বাচনৰ বাবে বিজেপিয়ে গঠন কৰিছে এখন বিশেষ কমিটি । মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ ৰাজদ্বীপ ৰয়ৰ নেতৃত্বত স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে এই কমিটিখন ।

ড্ৰন পাঠ্যক্ৰম সম্পৰ্কত জৰীপ কেন্দ্ৰ আৰু আই আই টিৰ মাজত বুজাবুজিৰ চুক্তি

জৰীপ আৰু বন্দোৱস্তি প্ৰশিক্ষণ কেন্দ্ৰ, অসম আৰু আই আই টি, গুৱাহাটীৰ মাজত বুধবাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (IIT-G to train govt officials on drone tech)। এই চুক্তিৰ আধাৰত দুয়োটা প্ৰতিষ্ঠানে ভৱিষ্যতলৈ পাৰস্পৰিক সহযোগিতা আৰু সমর্থনেৰে কাম-কাজ চোৱা-চিতা কৰিব ।

স্বাধীনতা সংগ্ৰামীৰ সমাধিস্থল সংৰক্ষণৰ পদক্ষেপ আগৰতলা পৌৰ নিগমৰ

মুক্তিযুদ্ধৰ সময়ৰ বাংলাদেশী স্বাধীনতা সংগ্ৰামীসকল(Bangladeshi freedom fighters of Liberation War) ৰ ৰাজহুৱা সমাধিস্থলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে আগৰতলা পৌৰ নিগমে(Tripura takes efforts to preserve liberation war mass burial site) ৷ ইয়াৰ বাবে মেয়ৰ সহিতে এটা দলে বুধবাৰে পৰিদৰ্শন কৰে এটা ৰাজহুৱা কবৰস্থান ৷

শিৱসাগৰত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ

বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধর্মঘট পালন কৰে কমিউনিষ্ট পাৰ্টিয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰা (Communist Party protest against price hike) ইত্যাদি বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.