ETV Bharat / state

বড়ো সাহিত্য সভাৰ অধিবেশনত ৰাষ্ট্ৰপতি; কৃতজ্ঞতা প্ৰকাশ বড়ো ৰাইজৰ

author img

By

Published : May 5, 2022, 3:43 PM IST

তামুলপুৰৰ গৌজন পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশনত (61st session of Bodo Sahitya Sabha at Tamulpur) অংশগ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বড়ো সাহিত্য সভাত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীক বড়ো ৰাইজৰ লগতে বিধানসভাৰ অধ্যক্ষই জনাইছে কৃতজ্ঞতা ৷

Bodo People greeting president ram Nath kovind and CM Sarma for attending the Bodo Sahitya sabha meet at tamulpur
ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীক ধন্যবাদ বড়ো ৰাইজৰ

বাক্সা, ৫ মে’: বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ মুকলি সভাত বুধবাৰে মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind attends Bodo Sahitya Sabha session) ৷ মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হোৱাৰ বাবে বড়ো ৰাইজে সন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা হৈছে ৷ আদৰণি সমিতিৰ তৰফৰ পৰা ৰাষ্ট্ৰপতিক এখন আৰনায়, বড়ো মহিলাৰ শান্তিৰ এক প্ৰতীক আৰু এখন বৃহৎ মানপত্ৰেৰে সম্বৰ্দ্ধনা জনোৱা হয় । ৰাষ্ট্ৰপতিৰ সহধৰ্মিনী সবিতা কোবিন্দকো বড়ো সাহিত্য সভাৰ তৰফৰ সম্বৰ্দ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ নিয়মাৱলীৰ বড়ো ভাষাৰ অনুবাদখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতত প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে বড়ো মাধ্যম মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে । ইয়াৰ পিছতে স্নাতক আৰু স্নাতকোত্তৰৰ বড়ো ভাষাৰ পথ প্ৰশস্ত হ'ব । বড়ো সাহিত্য সভাৰ প্ৰতিখন জিলা সমিতিলৈ কাৰ্যালয় গৃহ নির্মাণৰ বাবে ৫০ লাখ টকাকৈ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত ঘোষণা কৰে ।

ইয়াৰ লগতে প্ৰতিখন জিলা কমিটীক তিনি বছৰৰ ভিতৰত গৃহ নিৰ্মাণৰ বাবে এই ধন প্ৰদান কৰা হ'ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । বড়ো সাহিত্য সভাত বিশেষভাৱে পাঁচ কোটি টকা অনুদান দিয়াৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীক ধন্যবাদ বড়ো ৰাইজৰ

আনহাতে, বড়ো ভাষাৰ অনলাইন অভিধান এখন উন্মোচন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ মুখ্য অতিথিৰ ভাষণত ৰাষ্ট্ৰপতিয়ে কয় যে, "বড়ো সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতি আকৰ্ষণ বহুত ৷ কাৰণ নিজ ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যৰ উপৰি নেপাল আৰু বাংলাদেশৰ পৰাও প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছে । সেয়ে মই বড়ো সাহিত্য সভালৈ ধন্যবাদ জনাইছো আৰু তামুলপুৰবাসীকো ধন্যবাদ জনাইছোঁ’’ বুলিও কয় ৰাষ্ট্ৰপতিয়ে ৷

ৰাষ্ট্ৰপতি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বড়ো সাহিত্য সভাত(Bodo Sahitya Sabha at Tamulpur) অংশগ্ৰহণ কৰাক লৈ বড়ো ৰাইজে সন্তুষ্টি ব্যক্ত কৰে ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাষ্ট্ৰপতি আৰু অসমৰ মুখ্যমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনায় ।

লগতে পঢ়ক : তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশনত ৰাম নাথ কোবিন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.