লখিমপুৰ, 5 মে’ : মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ(KMSS Protest against price hike) ৷ বৃহস্পতিবাৰে ৰাজপথলৈ সদলবলে ওলাই আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ সদস্যসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷
প্ৰতিবাদকাৰীসকলে খাদ্য সামগ্ৰী, ঔষধ, ইন্ধনজাত সামগ্ৰী, নিৰ্মাণ সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ বৰ্ধিত মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায় ৷ সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দলটোৱে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে মুখ্যমন্ত্ৰী অথবা চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলিও একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ৷
তদুপৰি মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ, বিত্ত মন্ত্ৰী আৰু মুখ্য সচিবলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ(Memorandum sent to Assam Government) কৰে ৷
লগতে চাওক: মূল্যবৃদ্ধিৰ নামত লুণ্ঠনৰাজ চলাইছে বিজেপি চৰকাৰে: ৰিপুন বৰা