ETV Bharat / state

জুনৰ মাজ ভাগত হ'ব পাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

author img

By

Published : May 5, 2022, 3:47 PM IST

ৰাজ্যিক নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰা সৰ্বদলীয় বৈঠকত কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Elections) সন্দৰ্ভত বিশদ আলোচনা । নিৰ্বাচনৰ বাবে বিজেপিয়ে গঠন কৰিছে এখন বিশেষ কমিটি । মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ ৰাজদ্বীপ ৰয়ৰ নেতৃত্বত স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে এই কমিটিখন ।

Karbi Anglong Autonomous Council
জুন মাহত হ'ব পাৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

গুৱাহাটী,৫ মে' : এইবাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Elections 2022) বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ । শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত ৰাজ্যিক নিৰ্বাচন আয়োগে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । এই সন্দৰ্ভত বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে (All Party Meeting of State Election Commission)। বৈঠকত আগন্তুক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।

বৈঠকত সময় নিৰ্ধাৰণ হোৱা নাই যদিও জুনৰ মাজ ভাগত অনুষ্ঠিত হ'ব পাৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC elections may be held in June)। অৱশ্যে সকলো দলেই জুন মাহত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ সহমত প্ৰকাশ কৰিছে । ইফালে বুধবাৰে অনুষ্ঠিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৰ্বদলীয় বৈঠকৰ পূৰ্বেই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি (KAAC election 2022)।

নিৰ্বাচনৰ বাবে বিজেপিয়ে গঠন কৰিছে এখন বিশেষ কমিটি । মন্ত্ৰী ৰনোজ পেগু আৰু সাংসদ ৰাজদ্বীপ ৰয়ৰ নেতৃত্বত স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে এই কমিটিখন । মন্ত্রী পীযুষ হাজৰিকা, মন্ত্রী যোগেন মোহন, বিধায়ক নৱ কুমাৰ দলেকে ধৰি দহজনীয়া সদস্য আছে কমিটিখনত ।

ইতিমধ্যে, শাসকীয় দল বিজেপিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতিৰে সাজু হৈছে । ইফালে এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলটোক উদ্ধাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টিয়ে সমষ্টিয়ে অভিযান আৰম্ভ কৰিছে । উল্লেখ্য যে, ২০১৩ চনৰ পৰা বিজেপিৰ দখলত থকা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্বত আছে তুলিৰাম ৰংহাং ।

লগতে পঢ়ক :দ্বিতীয়খন দিছপুৰলৈ পৰ্যবসিত বোকাখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.