দ্বিতীয়খন দিছপুৰলৈ পৰ্যবসিত বোকাখাত

By

Published : May 5, 2022, 2:28 PM IST

thumbnail

যেন ৰাজধানী দিছপুৰখনেই উঠি আহিছে বোকাখাত আৰু কাজিৰঙালৈ ! বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বোকাখাত আৰু কাজিৰঙাত আৰম্ভ হৈছে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠক(Official meeting of state BJP held in Bokakhat) ৰ লগতে মন্ত্ৰী-বিধায়কসকলৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই বিষয়ববীয়াৰ সভা । সভাত ভাগ ল’বলৈ অহা ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা(Angoorlata Deka)ই কণ কণ বিহুৱতীৰ লগত কঁকাল ভাঙি এপাক নচাও পৰিলক্ষিত হ'ল । বোকাখাতৰ সত্যনাৰায়ণ সেৱা সদনত অনুষ্ঠিত হৈছে এই বিষয়ববীয়াৰ বৈঠক ৷ আনহাতে, কাইলৈ কাজিৰঙাত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ এক পৰ্যালোচনা বৈঠক ৷ বিজেপি আৰু মিত্ৰদলৰ মন্ত্ৰীসকলৰ পৰা কাইলৈৰ এই বৈঠকতে বিগত এটা বছৰৰ কাম-কাজৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.