এৰাপাত আনিবলৈ গৈ দৈগ্ৰোঙত সলিল সমাধি এজনৰ - Death By Drowning - ONE PERSON DIED BY DROWNING
🎬 Watch Now: Feature Video

Published : June 13, 2024 at 7:51 PM IST
গোলাঘাট,১৩ জুন: গোলাঘাট জিলাৰ নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা । নুমলীগড়ৰ দাঁতিকাষৰীয়া দৈগ্ৰোং নদীত সলিল সমাধি ঘটে এজন লোকৰ । নদীৰ কাষৰ পৰা চন্দ্ৰ শইকীয়া আৰু ভাইকন ভূঞা নামৰ লোক দুজনে এৰাপাত আনিবলৈ গৈ নদীত নামোতেই মুৰফুলনী বাগান গাঁৱৰ নিবাসী ভাইকন ভূঞাক নদীৰ সোঁতে ঊটুৱাই নিয়ে । পৰৱৰ্তী সময়ত বগীজান আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ গোলাঘাটৰ এছ ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰকাৰ্য চলাই যদিও বৰ্তমানলৈকে নিৰুদ্দেশ হোৱা ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
উল্লেখ যে কাৰ্বি আংলং জিলাৰ পাহাৰত ধাৰাসাৰ বৰষুণৰ ফলত দৈগ্ৰোং নদীৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে । জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলসমূহত ১৪৪ ধাৰা জাৰি কৰি নদীৰ কাষত নাযাবলৈ আহ্বান জনাই আহিছে যদিও প্ৰশাসনৰ সকীয়নিৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰে একাংশ লোকে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।