তিনিচুকীয়া জিলাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam flood 2024 - PIJUSH HAZARIKA TINSUKIA VISIT

🎬 Watch Now: Feature Video

thumbnail
তিনিচুকীয়াৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 7:34 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ১৩ জুন : বাৰিষাৰ আগমনৰ লগে লগে নৈপৰীয়া লোকসকলৰ নিদ্ৰা হৰণ হৈছে  ৷ কেতিয়াবা যদি বাৰিষাৰ পানীয়ে ঘৰ উটুৱাই নিছে, কেতিয়াবা আকৌ খহনীয়াৰ কবলত পৰিছে ঘৰ-বাৰী । তাৰ মাজতে বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷  

মন্ত্ৰীগৰাকীয়ে প্ৰথমে তিনিচুকীয়াৰ গুঁইজান খামতী গোৱালি কালীবাৰীত ডিব্ৰু নদীৰ প্ৰবল খহনীয়া পৰিদৰ্শন কৰে । উক্ত স্থানত খহনীয়াত উছন হৈছে এটাৰ পাচত আন এটা ঘৰ । তেনে একাংশ বানপীড়িত আৰু খহনীয়াগ্ৰস্ত লোকৰ কাষত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ।  

খহনীয়াস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ডিব্ৰু নদীৰ খহনীয়াগ্ৰস্ত এলেকাত তৎক্ষণাত জিঅ’ বেগ দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । লগতে বাৰিষা শেষ হ'লে স্থায়ী সমাধানৰ কাম আৰম্ভ হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷  

পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰীকাই তিনিচুকীয়াৰ ঢলাৰ হাতীঘুলিত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয় । মন্ত্ৰী পীযুষ হাজৰিকাৰ স’তে তিনিচুকীয়াত উপস্থিত হয় চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, প্ৰাক্তন বিধায়ক বিনোদ হাজৰিকা, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰিদিৱ মৰাণৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল ৷

লগতে পঢ়ক :নাৱেৰে নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Dibrugarh visit

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details