ETV Bharat / state

অম্বুবাচীৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা - Ambubachi Mela 2024

Kamakhya Dham: অম্বুবাচী মেলাত কামৰূপ (ম) ত পৰীক্ষা অনুস্থিত নকৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ । এক জাননীযোগে এই নিৰ্দেশনা প্রেৰণ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কৰ ।

Education department notice to not to conduct exams in Kamrup (M) during Ambubachi Mela
অম্বুবাচীৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 13, 2024 at 10:38 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ জুন: অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলাক লৈ ইতিমধ্যে সাজু হৈছে দেৱালয় কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসন । লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ । ইপালে অম্বুবাচীবাসী মেলাক লৈ জাৰি কৰা হৈছে কিছু নিৰ্দেশনাও ।

আগন্তুক অম্বুবাচী মেলাকলৈ শিক্ষা বিভাগে জাৰি কৰিছে কিছু বিশেষ নিৰ্দেশনা । অম্বুবাচীৰ সময়চোৱাত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী, প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কে নিৰ্দেশনা জাৰি কৰে ।

এই সম্পৰ্কে জিলা শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকলৈ ইতিমধ্যে জাননী জাৰি কৰিছে । নিৰ্দেশনাটোত উল্লেখ কৰা হয় যে যদিহে কোনো বিদ্যালয়ে এই সময়চোৱাত পৰীক্ষাৰ সময়সূচী ইতিমধ্যে প্ৰকাশ কৰিছে তেন্তে বিদ্যালয় প্ৰধানে পুনৰ নতুন সময়সূচী প্ৰকাশ কৰিব লাগিব । মহা অম্বুবাচী উপলক্ষে জাৰি কৰিছে এই নিৰ্দেশনা ।

উল্লেখযোগ্য দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম । কামাখ্যা ধামত প্ৰতিবছৰে অনুষ্ঠিত হয় অম্বুবাচী মেলা । এই বৰ্ষত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ।

লগতে পঢ়ক: মহা অম্বুবাচী মেলালৈ কেইটিমান দিন, কি কি নিৰ্দেশনা অম্বুবাচীৰ সময়ত ? - Ambubachi Mela 2024

উখল-মাখল নীলাচলৰ বুকু: অম্বুবাচীৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি - Ambubachi Mela 2024