ETV Bharat / state

উদ্বোধনৰ দুমাহ নৌহওঁতেই লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত চিৰাল ফাঁট

author img

By

Published : May 5, 2022, 5:04 PM IST

লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত মেলিছে চিৰাল ফাঁট (Cracks in wall of lakhimpur medical college building) । পাঁচশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কলেজ খন উদ্বোধনৰ দুমাহৰ ভিতৰতে এনেদৰে দেৱাল সমুহ ফাটিবলৈ লোৱা ঘটনাই নিৰ্মাণ শৈলী অথবা নিৰ্মাণ সামগ্রীৰ মানদণ্ডকলৈ প্ৰশ্নৰ উদয় কৰিছে ।

Cracks in wall of lakhimpur medical college building
উদ্বোধনৰ দুমাহ নৌহতেই লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত চিৰাল ফাঁট

লখিমপুৰ,৫ মে': উদ্বোধনৰ দুমাহেই হোৱাই নাই । লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত মেলিছে চিৰাল ফাঁট (Cracks in wall of lakhimpur medical college building) । পাঁচশ কোটি টকা ব্যয়ৰে লখিমপুৰ নগৰৰ সমীপৰ চাবতিত নিৰ্মাণ কৰা হৈছিল লখিমপুৰ মেডিকেল কলেজখন ।

লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চৌহদতে নিৰ্মাণ কৰা মেডিকেল কলেজখন যোৱা ১৫ ফেব্রুৱাৰীত মুখ্য মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল(CM Himanta Biswa Sharma inaugurated Lakhimpur Medical College) । পিছে এতিয়া মেডিকেল কলেজখনৰ অৱস্থা দেখি ৰাইজৰ চকু কঁপালত উঠিছে ।

উদ্বোধনৰ দুমাহ নৌহওঁতেই লখিমপুৰ মেডিকেল কলেজৰ ভৱনৰ দেৱালত চিৰাল ফাঁট

কিয়নো কলেজখনৰ প্ৰায়কেইটা ভৱনৰ দেৱালত চিৰাল ফাঁট মেলিছে । পাঁচশ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কলেজ খন উদ্বোধনৰ দুমাহৰ ভিতৰতে এনেদৰে দেৱাল সমুহ ফাটিবলৈ লোৱা ঘটনাই নিৰ্মাণ শৈলী অথবা নিৰ্মাণ সামগ্রীৰ মানদণ্ডকলৈ প্ৰশ্নৰ উদয় কৰিছে ।

গৌতম কনষ্ট্রাকশনে নিৰ্মাণ কৰা এই কলেজখনৰ তদাৰকৰ দায়িত্বত আছিল লোকনিৰ্মাণ বিভাগ । এটা প্ৰতিষ্ঠিত নিৰ্মাণ প্ৰতিষ্ঠানৰ এনে কাম কাজ চৰকাৰী বিয়াগোম লোকনিৰ্মাণ বিভাগে তদাৰক কৰাৰ পাছতো কেনেদৰে দেৱালত ফাঁট মেলিবলৈ পালে সেয়া এতিয়া ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন ।

এই ক্ষেত্রত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ সংগঠনে এক শক্তিশালী তদন্তৰ দাবী জনাইছে । অন্যথা আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দল সংগঠনে ।

লগতে পঢ়ক: চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.